ভন্টিৰ প্ৰতিচ্ছবি -চাহিদা বেগম

©Admin
0
সুন্দৰ উপস্থাপন শৈলী আগুৱাই যোৱা। ধন্যবাদ। তোমাৰ পৰিচয় জানিব পাৰিম নে? নিশ্চয়। পিছে আপোনাৰ পৰিচয় জনাবনে।হয় নিশ্চয়ই জনাম। কিয় নজনাম বাৰু। নাই এনেই সুধিলো। আপুনি পঢ়ি আছে নে। হয়। মই এইবাৰ বি. এ. Six sem । তুমি? মই একাদশ শ্ৰেণীৰ ছাত্রী। অ...। তোমাৰ ঘৰ ক'ত। মোৰ ঘৰ শিৱসাগৰ। আপোনাৰ। মোৰ ঘৰ ডৰং। অ.... । তোমাৰ নম্বৰ তো মই চেভ কৰিব পাৰিম নে। হয় নিশ্চয় পাৰিব। তুমি মোৰ নম্বৰ তো চেভ কৰিবানে । হাঁহি উঠা ইমজি এটা দি চবনমে ক'লে। অৱশ্যে আপুনি আপোনাৰ পৰিচয় দিওতেই মই নম্বৰ তো চেভ কৰিলো।অ... হয় নেকি। হয়। মাহিৰে ক'লে মই অলপ পঢ়ো গৈ হা। অ'কে । ঐ... বা। এই লৰাতোয়ে মোক মেচেজ কৰিছিলে চা। কিন্তু জাননে ই এটা এটা কৈ লিখে। আৰু ডি. পি খন চালো ইমান ডাঙৰ। মই ইয়াৰ লগত আৰু কথা নাপাতো। নাপাতিবি তেন্তে। দ্বিতীয় দিনাও মেচেজ কৰিলে। এনেকৈয়ে দহ দিনমান কথা পাতি থকা হ'ল মেচেজত দুই এটাকৈ। এদিন হঠাৎ মাহিৰে কলে ফ'ন কৰা। মই কলো নাই মই নোৱাৰো। কিয়? মোৰ ভয় লাগে। ফ'ন কৰিলে।মই উঠালো। প্ৰথমে অলপ সময় নিজৰ পৰিচয় ইত্যাদি কথা পাতিলো। চবনমে সুধিলে তুমি কিতাপ পঢ়া নে। কিতাপ মানে। কি কিতাপ। মানে..... উপন্যাস, সাধু, গল্প ইত্যাদি ইত্যাদি। নাই অ.... চবনম মই ৰূমত থাকো সেইবাবে পঢ়া নহয়। অ... হ'ব একো নাই। মই এনেই সুধিলো। বেয়া নাপাব দেই...। নাই নাই বেয়া কিয় পাম। মই কোনো মানুহকে বেয়া নাপাওঁ , জোনে যি কয় কৈ থাকক। বা..... আপোনাৰ এইতো তেনেহলে ভাল গুণ। মই আকৌ মানুহক ধেমালি কৰি হে ভাল পাওঁ। তেনেহ'লে চোন আমি নিমিলিলোৱে দেখুন। মানে...? নাই নাই একো নাই। 
                সময়বোৰ কেনেকৈ পাৰ হৈ গল গমকে নাপালো। এবাৰ সময়তো চোৱাচোন মবাইলত কিমান সময় হ'ল-৪৫ মিনিট ২৭ ছেকেণ্ড। বহুত দেৰি কথা পাতিলো হ'ব থোৱা। কিয় কিবা কাম আছে। নাই পঢ়িবলৈ আছে। পৰীক্ষা আহি পালে সিয়ে নহয়। অ... হ'ব তেনেহ'লে। পাছত কথা পাতিম। অ'কে। পৰীক্ষাত ভাল নম্বৰ পাব লাগিব। নাপালে। সঁচাকৈয়ে দে ভাল নম্বৰ পাব লাগিব নহ'লে ছাৰে মোক দিব...।মাহিৰে ক'লে মইয়ো দিম ভাল নম্বৰ নাপালে।অ'কে, বা'ই। ফ'ন থৈ চবনমে ভাবিবলৈ ধৰিলে। তাই আজিলৈকে কোনো ল'ৰাৰ লগত কথা পাতি পোৱা নাই। অথচ আজি তাই ইমান কথা পাতিল। নাই নাপাতো এইবোৰ কথা পতা ভাল নহয়। এইবাৰ পৰীক্ষাত ভাল নম্বৰ আনিব লাগিব। ৰমজান মাহো আহি পালেই....। 
      বা এ ক'লে ৰ তোৰ কথা কৈছো। তই লৰা লগত কথা পাতি আ'ছ। কৈ দে। মই কি বেয়া কথা পাতিলো। মইতো বেছিকৈ কিতাপ, সপোন সেইবোৰ কথায়ে পাতো। দে... মই নিজে কৈ দিচো। প্ৰথমে সি ক'লে নাপাতিবা কথা, চবনমে ক'লে সেই... ইনে এটা দুটা কথাহে পাতো। আৰু কিনো হ'ল কথা পাতিলে আৰু সি মোতকৈ বহুত ডাঙৰ। অ... হ'ব একো নাই তেনেহ'লে। কথা পাতিবা। মাহিৰে এদিন ফ'ন কৰিলে পিছে সি বহুত প্ৰশ্ন শুধে । নোৱাৰা হলে লাজে পালো হয়। শিক্ষা, সংবিধান, ঐচ্ছিক অসমীয়া বা.....। সকলোৰে প্ৰশ্ন দুই এটাকৈ সুধিলে। তাৰ সেনো প্ৰফেচাৰ হোৱা সপোন। কিন্তু চবনমৰ যেন ইমান সপোন। আধাঘণ্টামান যেন চবনমে নিজৰ সপোনৰ কথাকে কৈ থাকিল। লাহে লাহে সেই অচিনাকি লৰাতো চিনাকি হ'ল, এনেকৈয়ে মেচেজ, ফ'নত কথা পতা হ'ল, এটা এটাকৈ দিয়া মেচেজবোৰো ভাল লগা হ'ল। এদিন সি ৰাতি ক'লে-তুমি মোক ব্লক কৰিছিলা। কিয়... মই নাই কৰা। তুমি মোলৈ ফ'ন কৰিছিলা। নাই... নাই কৰা। কিয় কি হ'ল? তোমাৰ কোনোবাই ফ'ন কৰিছিলে । তোমাৰ লগত কথা পাতিবলৈ মনা কৰিছে। অ.. হয় নেকি। উম্... । ৰ'বা ফ'ন এটা আহিছে। - কি কৰিছা। আছো। তুমি সেই লৰাটোৰ লগত কথা নাপাতিবা। চবনমে ক'লে তুমি তালৈ ফ'ন কৰিছিলা, কি ক'লা? নাই একো নাই কোৱা, মই কলো চবনমৰ লগত কথা নাপাতিৱলৈ। ভালে কৰিলা। তুমি যে মোৰ লগত এনেকৈয় কথা পাতিছা। আৰু কেনেকৈ কথা পাতিম। নহয় তুমি তাৰ লগত কথা নাপাতিবা। মই তোমাৰ ভালতোহে বিচাৰো। কথা পাতি থাকিলে অভ্যাস হৈ যাব কথা পতাৰ। নাপাতিবা তুমি। সেই লৰাবিলাকে এনেই প্রথমে মৰম লগাই কথা কৈ থাকে, তুমি এতিয়া নিজৰ পঢ়াত মন দিয়া। চবনমে খংতে ক'লে হ'ব মই কথা নাপাতো। বেয়া পালা মোক। তাই আকৌ খংতে ক'লে -যি ভাবা ভাবি থাকা। আধাঘণ্টা মান বুজোৱাৰ পাছত চবনমে মাহিৰক ক'লে - আজিৰ পৰা মই তোমাৰ লগত কথা নাপাতো। সি যেন বুজিব নোৱাৰাৰ দৰে সুধিলে-কিয়.....? চবনম কিছু ক্লান্ত হৈ পৰিল আৰু তাই একো উত্তৰ নিদিলে, হয়তো কথা পাতিলে বেছিকৈ বেয়া লাগিব বুলি ভাবি। মাহিৰে কলে পঢ়া শুনা ভালকৈ কৰিবা। চবনমে Thank you same to you বুলি কৈ তাক ব্লক কৰি দিলে। কিন্তু........এটি প্ৰশ্ন বোধক মনত লৈ.....?? 

              পিছদিনা বাইদেৱে ক'লে,ভন্টি.....তয় বেয়া পাইছ...? 
নাই পোৱা অ। 
সেইদিনা মইয়ে তাক নম্বৰ দিছিলো। মাহিৰক কবলৈ তোক যাতে সি আৰু ফ'ন নকৰে। অৱশ্যে সি তাক একো বেয়াকৈ কোৱাও নাই। মাত্র কৈছিল যে চবনমৰ লগত ফ'ন নকৰিবা। সি যি কৈছে ভালৰ কাৰণেই কৈছে। সেইদিনা ৰাতি সি ভালকৈ শুবও নোৱাৰিলে চে হেৰী লৈকে হাৰ পায় থাকিল কিজানি তই বিপথে পৰিচালিত হৈছ নি এইবোৰ কথা ভাবি। তই মোৰ নিজৰ ভন্টি হৈ যদিও তাৰ হৃদয়ত যেন তোৰ এক আচুতিয়া ঠাই আছে। তোৰ ভিতৰত যেন সি নিজৰ ভন্টিৰ প্ৰতিচ্ছবি দেখা পায়। তাৰো এজনী ভন্টি আছিল। কিন্তু...... পৃথিৱীলৈ আহিল যদিও পৃথীৱিখন যেন উপভোগ কৰাৰ সৌভাগ্য তাইৰ নহ'ল। এসপ্তাহমান থাকিয়ে তাই ঢুকাল। সিওঁ তেতিয়া সৰুৱে আছিল। জানাজা দিব গৈছিল, আজিও সেই দৃশ্য তাৰ মনলৈ আহে, আজিও তাৰ চকুলো জীপাল হৈ পৰে। আৰু তয়ে চোন কৈ থা'ক আমাৰো এজন দাদা হোৱা হ'লে। তেন্তে, এয়া কি ক....? 
      এজন ককায়েকৰ ভনীয়েকৰ প্ৰতি থকা মৰম ভালপোৱাবোৰ এবাৰ জানো তই বুজিব চেষ্টা নকৰিবি।তোৰো জানো মন নাজাব এবাৰ মাতিবলৈ
                      দাদা বুলি..... ! 

✍️চাহিদা বেগম
একাদশ শ্ৰেণী
শিৱসাগৰ, অসম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)