সঁচা ভালপোৱা শেষত অপেক্ষাৰে অন্ত পৰে

©Admin
0
ফেচবুক সামাজিক মাধ্যমৰ এনে এটা প্লেটফ্ৰম য'ত নিজৰ প্ৰতিভা সমূহ প্ৰকাশ কৰাৰ ওপৰিও বহুতো অচিনাকি ব্যক্তিৰ লগত চিনাকি হব পাৰি। তেনেকৈ চিনাকি হৈ ফেচবুকৰ জৰিয়তে হোৱা এটি প্ৰেম কাহিনী।

          :বহুত ধুনিয়া লেখিছে । পঢ়ি বৰ ভাল লাগিল।
লগে- লগে মই তাইৰ profile চেক কৰিলো। তাইক দেখি যেন কিবা এটা ভাল লাগি গল। লগা- লগ মইও তাইৰ কমেণ্টৰ প্ৰতিক্ৰিয়া কৰিলো। 
         : অহ হয় নেকি । তেন্তে ধন্যবাদ ।
         : U are most welcome .
         : পিছে তুমিও কবিতা লেখা নেকি ?
         : কেতিয়াবা সময় পালে লেখোঁ । 
         : অহ। 
         : hmm
সেইদিনা তাতে শেষ কৰিলো । তাই বেলগ ভাবিৱ বুলি কথা নাপাতিলো। পিছ দিনাখন থাকিব নোৱাৰি মই মেছেজ এটা কৰিলো।
        : ঐ কি কৰিছা । 
তাইও সেই সময়ত অনলাইন আছিল । লগা-লগ তাইও reply দিলে।
        : এনে আছো। তুমি ?
        : মইও এনেই আছো। 
        : hmm 
        : তোমাৰ লগত এজন বন্ধু হিচাপে কথা পাতিব পাৰিম নে? 
        : অহ ! নিশ্চয় । 
তাই অনুমতি দিয়াৰ বাবে মই সদায় তাইৰ লগত ৰাতিপুৱা- গধুলি কথা পাতিব ধৰিলো । তাইৰ প্ৰতি ইমানে আকৰ্ষিত হলো যে মই তাইক কেইদিন মানৰ পিছত প্ৰেমৰ প্ৰস্তাৱ দিলো ।
        : ঐ শুনা না কথা এটা কও বেয়া নোপোৱাটো?
        : নাপাওঁ কোৱা ।
কবলৈ ভয় লাগিছিল যদিও ভয় ভয় কে কৈ দিলো। কাৰণ যাক ভাল লাগে ।তেওঁক ভয় কৰিব লগীয়া কথাই নাহে ।
       : তুমি কি বুলি ভৱা মই নাজানো । কিন্তু তোমাক কিবা এটা ভাল লাগি গল । মানে i Love you. 

ভাৱিছিলো তাই খং কৰিব বা মোৰ লগত কথা পতাই বন্ধ কৰি দিব কিন্তু তেনেকোৱা একো নহল। তাই ৰিপ্লাই দিলে।
        : "ধন" মই তোমক পাছত কম । এতিয়া মানে মই ঘৰত নাই । 

তাই তেনেকে কৈ থৈ দিলে । মইও ..... হব ! মাত্ৰ তুমি যি সিদ্ধান্ত নোলোৱা কিয় ভাল সিদ্ধান্ত লবা বুলি আশা কৰিলো । .. এই বুলিকৈ মইও থৈ দিলো । সেই দিনা সন্ধিয়া আমাৰ মাজত কথা বতৰা নাই । মইও তাই মেছেজ কৰিলেহে মইও কৰিম বুলি থৈ দিলো। পিছদিনা তাই ৰিপ্লাই দিলে।
        : " ধন" তুমি মোৰ কথাটোত হয়তো দুখ পাব পাৰা । মোক বেয়া নাপাবা । মোৰ বয় ফ্ৰেণ্ড আছে । তাৰ নাম বিশ্বজিত গগৈ। 

মই তাইৰ মেছেজ টোত ভাঙি পৰা নাছিলো কাৰণ আমাৰ টো কোনো চিনা জনা নাই ফেচবুকত চিনাকি প্ৰেমৰ প্ৰস্তাৱ হয়তো গ্ৰহণ কৰিব বেয়া পাইছে বুলিয়ে। মই তাইক কলো ।
      : একো নাই সকলোৰে নিজৰ প্ৰচণ্ড কথা থাকে বুলি কৈ থৈ দিলো ।তাই ৰিপ্লাই দিলে।
       : সচাঁই তুমি বৰ ভাল।
       : কিয় বা ?
       : কথা বোৰ বুজি পোৱাত 
       : হয় নে। আচলতে এইটো কোন বুজি পোৱা কথাই নহয় । কোনোটো কাকো যোৰ নিজৰ কৰি লব নোৱাৰে ন।
       : হয় বাৰু সেইটো ।
তাই মোৰ প্ৰপজেল গ্ৰহণ নকৰিলে যদিও মই মোৰ ওপৰত সৰ্ম্পুণ বিশ্বাস আছিল । কাৰণ তাইক মই সচাঁ অন্তৰেৰে ভাল পাইছিলো ।.... তাৰ পাছতো আমাৰ মাজত এজন ভাল বন্ধু হিচাপে কথা- বতৰা চলি আছিল। এদিন সন্ধিয়া মই এনে থকাত মেছেজ কৰিলো।
         : ঐ কি কৰি আছা। 
তাই অনলাইন থাকিও মোৰ মেছেজৰ ৰিপ্লাই দিয়া নাছিল । মোৰ বৰ খং উঠিছিল তাইৰ ওপৰত। তাইৰ ৰিপ্লাই নাপায় মই আকৌ মেছেজ কৰিলো।
          : মই তোমাক মেছেজ কৰি আমনি কৰাৰ বাবে মই দুখিত । অনলাইন থাকিও মেছেজৰ ৰিপ্লাই নিদিয়া । আজি পৰা কেতিয়াও তোমাক আমনি নকৰো। ... এই বুলিকৈ মইও থৈ দিলো ক্ষন্তেক পিছতে তাইৰ পৰা ৰিপ্লাই আহিল। 
          : আচলতে তুমি আতৰি যোৱাটো মই বিচৰা নাছিলো । সদায় তুমি মোৰ কাষৰতে থকাটো বিচাৰিছিলো কাৰণ মই তোমাক ভাল পাওঁ । কিন্তু সৰুতেই মা-দেওতাই কোনোবা এজনৰ লগত থিক কৰি থৈছে হেনো । 

      যেতিয়া তাই কথাবোৰ কলে মই তেতিয়াই গম পাইছিলো তাই কাকো ভাল নাপায়। কাৰণ মই প্ৰথম তাইক প্ৰপজ কৰোতেই তাইৰ বয়ফ্ৰেণ্ড আছে বুলি কলে । আৰু দ্বিতীয় বাৰত ও তাই মা-দেওতাই থিক কৰি থোৱা বুলি কলত।সকলো কথা ভাৱি গুণি মই মেছেজ কৰিলো তাইলে।
           : আচলতে মইও তোমাক এৰি আহিব বিচৰা নাছিলো । কিন্তু তোমাৰ বয়ফ্ৰেণ্ড থকাৰ বাবে মইও আতৰি আহিছিলো। মোৰ বাবে মই কাৰু হৃদয় ভঙাটো নিবিছাৰো। 
          :Plz ধন তুমি মোক কেতিয়াও এৰি নাজাবা না! 
         : হব নাজাও বাৰু। পিছে তোমাৰ বয়ফ্ৰেণ্ড।
         : এই বোৰ বাদ দিয়া । বুলি কৈ থৈ দিলে। সেইদিনা মই বহুত সুখী তাই মোৰ প্ৰস্তাৱটো গ্ৰহণ কৰাৰ বাবে । কিন্তু এটা কথা মানিব লাগিব তাই মোৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে যদিও তাই এদিনো প্ৰথমে মেছেজ নকৰে। সদায় মই কৰিব লগা হৈছিল । সেইহে এদিন ....
          : ঐ কি হল সদায় মই তোমাক প্ৰথম মেছেজ কৰিব লাগে যে । আৰু মেছেজ কৰিলেও অনলাইন থাকিও ৰিপ্লাই নিদিয়া যে?
           : স্কুলৰ মেগাজিনৰ কামত ইমানে ব্যস্ত ন সময় নাপাও ও , আজিৰ পৰা কৰিম হব নে?
          : ওম হব দিয়া । কি কৰি আছা এতিয়া। 
           : স্কুলৰ মেগাজিনৰ কাম অলপত ব্যস্ত আছো ।
           : অহ হয় নেকি । তেন্তুে তুমি কৰি থকা । এই বুলি কৈ মইও থৈ দিলো। 
 পিছদিনা শুই উঠি দেখোঁ তাইৰ মেছেজ । 
           : Gd mrng🥰.
           :Mrng. 
           : কি কৰি আছা ?
           : এই মাত্ৰা শুই উঠিছো। 
           :ইমান দেৰিকৈ শুই উঠিছা। 
           : নহয় মানে ৰাতি হোৱা দেৰি হল যে সেয়ে দেৰিকৈ উঠিছো। তুমি কি কৰিছা । 
           : মই কলেজ যাব ওলাইছো । 
           : হয় নেকি! তেন্তে যোৱা কলেজৰ পৰা আহি কথা পাতিম । byee
           : Ok byeee😘
 সন্ধিয়া ৪টা বজাত তাই অনলাইন থকা দেখি মই মেছজ এটা কৰিলো।
           : ঐ কি কৰিছা । 
           : পঢ়ি আছো । তুমি?
           : এনেই আছো মই। 
           ঐ শুনা না মোৰ ফাইনেল পৰীক্ষা ২০ তাৰিখৰ পৰা আছে । গতিকে মই ফেচবুক/ ইনষ্টাগ্ৰাম নচলাও বুলি ভাৱিছো। তুমি মোক whatsapp অতে মেছেজ এটা কৰি দিবা এইটো মোৰ নাম্বাৰ- ৭০৮৬৮৮৪৮০১ বুলি নাম্বাৰ দিয়াৰ পাছত তাই 
          : ok , পিছে ভালদৰে পঢ়িবা বুলি কৈ থৈ দিলে। 
      মইও ফেচবুক একাউণ্টটো ডিএক্টিভেট কৰি দিলো। তাৰ পাছতে তিনি দিন মান অপেক্ষা কৰিলো হোৱাটছাপত অত মেছেজ কৰিব বুলি কিন্তু তাই নকৰিলে। এফালে মইও কথা নপতাকৈ থাকিব নোৱাৰত ফেচবুক একাউণ্টটো পুনৰ এক্টিভ কৰিলো। তেনেকৈ কেই দিন মান কথা পতাৰ পিছত । আমাৰ ভালপোৱাত অমানিশা নামিব ধৰিলে। 
            : ঐ কি কৰিছা ?
  নাই ৰিপ্লাই নাই । অনলাইন থাকিও মেছেজৰ ৰিপ্লাই নাই । এদিন দুদিন কৰি তিনিদিন হল তাই তিনি দিনো অনলাইন থাকিও মেছেজৰ ৰিপ্লাই নাপালো। উপায় নাপায় মই আকৌ কৰিলো। 
            : কি হল তুমি অনলাইন থাকিও মেছেজৰ ৰিপ্লাই নাই যে ? ইমানে তুমি ব্যস্ত থকা নে? নোৱাৰিছো আৰু মই তোমাৰ লগত । 
  তেতিয়াও তাই মেছেজ seen কৰিও ৰিপ্লাই নাই। 
(পিছদনাখন সন্ধিয়া ৬টা মান বজাত গাটো ভাল নোহোৱাত শুই আছিলো তেতিয়া ফেচবুকটো অন কৰি দেখো তাই মেছেজ কৰি থৈছে কিন্তু তাই নহয় তাইৰ ভনীয়েক হে। )
            : বা'ৰ Accident হৈছে সেইহে বা'ৰ একাউণ্টটো মই চলায় আছো । মোৰ বা এনেকুৱা নহয় যে free হলে কাকো মেছেজ নকৰে। বাই আপোন বোৰক হেৰুৱাৰ ভয়তহে নিজকে busy ৰাখে। আৰু এতিয়া বাই হেৰুৱাব লগা জন আপুনি । বাই আপোনাক বহুত ভাল পায় । কিন্তু বা'ক ভুল বোজা মানুহক মই ভাল নাপাওঁ । 
           (তাইৰ accident ৰ কথাটো শুনি মই চক খাই গলোঁ।)
          : কি! কেনেকৈ হল accident . বেছি বেয়াকৈ হল নেকি accident ? তুমিটো মোক কথা বোৰ কব পাৰা ন।
          :দাদা এজনৰ লগত স্কুটীৰে ঘৰলৈ আহি থাকোতে alto এখনে খুন্দা মাৰিলে? বেছি serious condition হৈছে। 
           : কি ? ভণ্টী plz তাই অলপ হলেও ভাল পাইছে নাই। তুমি মোক তাইৰ লগত কথা পতাই দিব পাৰিবা নে?
           (নাই ভণ্টীৰ পৰা উত্তৰ নাপাই এইদৰে থাকিলে নহব বুলি ককাইকলৈ মেছেজ কৰিলো । তাইৰ ককাইকো মোৰ ফেচবুকত ফ্ৰেণ্ড আছিল। ) 
           : দাদা মই '__________' (তাইৰ )বন্ধু । ভণ্টীয়ে কৈছিলে তাইৰ accident হৈছে বুলি । ভাল পাইছে নে তাই। 
  ককাইকৰ পৰাও উত্তৰ নাই। সন্ধিয়া ভণ্টী মেছেজ কৰিলে
          :আপুনি দাদা লৈ কিয় মেচেজ কৰিছে?
          : কি হল দাদাই কিবা কৈছে নেকি?
          : একো কোৱা নাই এতিয়ালৈ কিন্তু বা'ক গালি দিব । আমি দুয়ো মিলি বা'ক বচাব লাগিব। 
          : হব তুমি চিন্তা নকৰিবা দাদাই যদি কিবা মোক সুধে মই তাইৰ লগৰ বুলি কম। কিন্তু এতিয়া 'বা' ভাল পাইছে নে নাই?
          : আচলতে দাদা মই আপোনাক প্ৰমাণ চাইছিলো । আপুনি মোৰ বা'ক কিমান ভাল পায়।
          : মানে?
          : মানে ! বা'ৰ accident হোৱা কথাটো মিছা।
          : কি? (মই ভণ্টীৰ ওপৰত খং উঠিছিল যদিও এটা কাৰণে ভাল লাগিল তাইৰ accident হোৱা নাই)
          : অহ" আচলতে এইকেইদিন বা' ঘৰত নাই । আজি আহি পাব। আজিৰ পৰা কথা পাতিব পাৰিবা । 
         : ওম , তুমি বা আহি পালে মেচেজ এটা কৰিব কবা। 
( নাই ৰাতিপুৱালৈ তাইৰ মেচেজ নোপোৱাত মই কৰিলো । 
         : gd mrng । 
নাই ৰিপ্লাই নাই "১০" মান বজাত আকৌ কৰিলো। : কৰবাত গৈছিলা আহিলা। ( ১' টা মান বজাত চালো তাইৰ মেছেজ আহিছে নেকি বুলি কিন্তু নাই কালিৰ পৰা অনলাইন নাই । 
সন্ধিয়া ফেচবুকটো খুলি মেছেজ দেখোঁ তাইৰ মেছেজ 
         :gd evng . যোৱা কালি আহি পালো ইমান ভাগৰ লাগিল শুই থাকিলো । আকৌ ৰাতিপুৱা শুই উঠি ইটো-সিটো কৰি স্কুলৰ পৰা এই এতিয়া আহি সময় পাইছো।
         : মই তাকে ভাৱিছো তুমি সময় পোৱা নাই বুলি ।
তেনেকৈ অলপ সময় কথা পাতি থৈ দিলো। ৰাতি কোনো ধৰণৰ কথা- বতৰা নাই । ৰাতিপুৱা তাই ১০ টা মান বজাত মেছেজ কৰে 
         : তুমি যদি বেয়া নোপোৱা তোমাক কথা এটা কওঁ।
         : ওম কোৱা । 
         : তুমি মোক পাহৰি যোৱা । 
        : কি কথা কৈ আছা তুমি এই বোৰ ।
        : অহ " তুমি বিচৰা মতে মই তোমাক সময় দিব পৰা নাই । 
        : পাগলামি নকৰিবা দেই তুমি জানা মই তোমাক কিমান ভাল পাওঁ ।
        : তুমি বিচৰা মতে মই তোমাক সময় দিব পৰা নাই যে। 
        : তোমাক মই এটা কথা কওঁ " এৰি যোৱা কথা যেন তোমাৰ মুখত আৰু নোলাই
        : হব বাৰু আৰু নকওঁ।
 মইও ভাৱিলো তাইক সচাঁ কথাবোৰ এতিয়া কৈ দিলে ভাল হব।
        : শুনা তোমাক কথা এটা কওঁ মই কিন্তু এজন খ্ৰীষ্টিয়ান লৰা । তোমাৰ কিবা আপত্তি আছে নেকি ?
        : তোমাৰ যদি মোৰ প্ৰতি থকা ভালপোৱা সচাঁ তেন্তে মোৰ কোনো আপত্তি নাই । 
তেনেকৈ কেইদিন মান গল মই মেছেজ কৰোঁ ৰিপ্লাই নাপাওঁ এফালে সদায় অনলাইন থাকিও মেছেজৰ ৰিপ্লাই নোপোৱাত । মোৰ বৰ খং উঠিল। 
         : ইমান ব্যস্ত থকা নে মেছেজৰ যে ৰিপ্লাই নাই । মই আৰু তোমাৰ লগত নোৱাৰিছো থাকিবলৈ। 
         : তুমি ক্ষন্তেক ব্যস্ততাৰ বাবে যদি যাব বিছাৰিছা যোৱা । মোৰ কব লগিয়া নাই । কিমান ভাল পাওঁ মই তোমাক মইহে জানোঁ। সমাজৰ স্বীকৃতি পত্নী নহলেও সদায় তোমাৰ হৈ ৰম বুলি
ভাৱিছিলো । কিন্তু তুমি অলপ ব্যস্ততাৰ বাবে এৰি যাব বিছাৰিছা।
         তাইৰ কথা খিনি পঢ়ি নিজকে স্বাৰ্থপৰ যেন লাগিল।
        : আচলতে কথা সেইটো নহয় । মই তোমাক ইমান মেছেজ কৰিছো কিন্তু তুমি এটাৰো অনলাইন থাকিও ৰিপ্লাই দিয়া নাই । হব আজিৰ পৰা তোমাক কথা দিলো । কেতিয়াও এৰি অহাৰ কথা নকওঁ। হব নে?
        : ওম হব 😢 
এনে ধৰণৰ সৰু-সৰু কথাতে খুধ-কাথ চলি থাকে। কিন্তু ক্ষন্তুেক সময় পিছতে তাই লৈ মেছেজ কৰিব লওঁতে মোৰ মেছেজ কৰা option টো নাই । কাৰণ তাই মোক ফেচবুকত ব্লক কৰিলে। সকলো বুজা-বুজি হোৱাৰ পাছতো কি কাৰণে ব্লক কৰিলে নাজানো । মই উপায়হীন হৈ পৰিলো।তাইৰ হোৱাটছাপ নাম্বাৰো মোৰ ওচৰত নাই । ইনষ্ট্ৰাগ্ৰামত গৈ মেছেজ কৰিলো তাতো তাই ব্লক কৰিলে। সকলো ফালে উপায়হীন হয় পৰিলো। কিন্তু মই নিৰাশ হোৱা নাছিলো । মোৰ নিজৰ ওপৰত বিশ্বাস আছিল । মই যদি তাইক সচাঁই ভাল পাওঁ নিশ্চয় আমাৰ মাজত যোগাযোগ হব । সেই দিনা খনে মই এটা সাহিত্য গ্ৰুপত জইন হৈছিলো । তাতে অলপ চকু ফুৰাই দেখিলো নাম্বাৰ এটাত তাইৰ DP, লগতে তাইৰ নামটো উল্লেখ আছে। কিন্তু অচিনাকি নাম্বাৰৰ বাবে মেছেজ কৰিবলৈ মন যোৱা নাছিল যদিও তাই কিয় ফেচবুকুত ব্লক কৰিলে জানিবলৈ উপাহীন হৈ কৰিলো
     
           : তুমি"_______" হয় নে? (নামটো উল্লেখ কৰি নিদিয়াৰ কাৰণ বিদ্ৰত দিয়া আছে)
           : হয়।
           : মই ধন। তুমি মোক ফেচবুকত কিয় ব্লক কৰিলা তুমি যদি ভালে পোৱা নাছিলা কিয় মোৰ জীৱনলৈ আহিছিলি। মই তোমাক প্ৰথমে কৈছিলো timepass অৰ বাবে নাহিবা বুলি । মই তোমাক তেতিয়াই সন্দেহ কৰিছিলো যি দিনা তুমি তোমাৰ best frnd কেইজনীৰ লগতে এজন লৰাৰ facebook অত story লগাইছিলা । তাতে তুমি লেখিছিলা মনৰ কথা খুলি কব পৰা ব্যক্তি কেইজন বুলি । আচলতে তেতিয়াই বুজি উঠিব লাগিছিল । কিন্তু মোৰ বুজাত দেৰি হল । কাৰণ টোৰ প্ৰেমত অন্ধভক্ত আছিলো । 
         : চোৱা তুমি মোক ভাল নোপোৱা একো নাই কিন্তু মোক আনৰ সৈতে সন্দেহ নকৰিবা। সি মোৰ best frnd হয় । মই তোমাক ভাল নাপাওঁ i hate you. আৰু মোক বিছাৰি কেতিয়াও নাহিবা ।
     এইবুলি কৈ হোৱাট্ছাপতো ব্লক কৰিলে । কি কৰো কি নকৰো বুলি ভাৱি থাকোতে ফেচবুকত গৈ তাইৰ frnd জনৰ লগত চিনাকি হলো ভাবিলো তাৰ লগত কথা পাতিলে কিবা এটা ৰাস্তা ওলাব। তাৰ লগত কথা পাতিলো তাক সকলো কথা কলো নাই একো ৰাস্তাই নাই । তাক সুধিলো । : তুমি তাইক ভাল পোৱা নেকি? 
 : নাই নাপাওঁ বুলি কোৱাত । এই বোৰ নকবলে কোৱা স্বতেও সি কৈ দিলে সকলো কথা । আমাৰ মাজৰ সৰ্ম্পকটো আৰু বেয়া হৈ পৰিল। উপাহীন মই মাৰ নম্বৰৰ পৰা শেষত এটাই মেছেজ কৰিলো।
        : আচলতে মই তোমাক খং কৰিছিলো ফেচবুকত ব্লক কৰাৰ বাবে । কিন্তু তুমি বুজি নাপালা । মই তোমাক সন্দেহ কৰিছিলো হয় কাৰণ তোমাক হেৰুৱাৰ ভয়ত । কাৰুবাক যদি সচাঁ ভাল পোৱা যাই ন তাক হেৰুৱাৰ বৰ ভয় থাকে কিন্তু তুমি আজি এজন লৰাৰ বাবে এটা সৰ্ম্পক ছেদ কৰিবলৈ আহিছা। মোৰ আৰু কবলগিয়া একো নাই । 
        তাইও ৰিপ্লাই কৰি কয় । 
         : মইও তোমাক এৰি থাকিব নোৱাৰো । উশাৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে । আৰু তুমি মোৰ উশা । মাত্ৰ তুমি ১ মাহ অপেক্ষা কৰা । ঘৰত মোবাইল থৈ দিছে। 1st year পৰীক্ষাৰ বাবে। এতিয়া মই তোমাক এইটো নাম্বাৰও ব্লক কৰিম এই ১ মাহত কোনো নম্বৰৰ পৰাই মেছেজ নকৰিবা । নহলে আমাৰ প্ৰব্লেম হব। মাত্ৰ তুমি ১ মাহ অপেক্ষা কৰা বুলি কৈ লগে লগে ব্লক কৰি দিলে। 

                                  ১ মাহৰ পাছত

        ১ মাহৰ পাছতো নাই কোনো ধৰণৰ মেছেজ । মোৰ উচ্ছতৰ মাধ্যমিক পৰীক্ষাও শেষ হল । ভাবিছিলো তাই পৰীক্ষাৰ দিনাখন শুভেচ্ছা এটা জনাব সেই আশাও চেচাঁত পানী পৰিল। ভাবিলো পৰীক্ষাৰ পাছত পৰীক্ষা কেনেকোৱা হৈছে সুধিব কিন্তু সেই আশাও চেচাঁত পানী পৰিল। ১ মাহ ২ মাহ কৰি আজি ৩ মাহ হল কোনোধৰনৰ মেছেজ নাই । এতিয়া আৰু মেছেজ আহিব বুলি আশা নকৰোঁ । কাৰণ কিছুমান ভালপোৱা অপেক্ষাৰেও অন্ত পৰে। এতিয়া মই এটাই আশা কৰো তুমি যতে আছা কুশলে থকা তাৰে কামণা মোৰ। তুমি সদায় সুখী হোৱাটোৱে মই বিছাৰিছিলো আৰু আ-জীৱন বিছাৰিম তুমি সুখী হোৱাটোৱে। যদি তুমি মোক পাহৰি পেলাইছা আৰু যদি তুমি এই কাহিনীটো পঢ়িছা তেন্তে এটি কাল্পনিক কাহিনী বুলি ধৰি লবা। আৰু আগৰ স্মৃতিৰ মাজলৈ উভতি যাবলৈ চেষ্টা নকৰিবা । কাৰণ স্মৃতিৰ বোৰৰ মাজলৈ গৈ উত্তৰবিহীন প্ৰশ্নৰ মুখা-মুখি নহবা কাৰণ এতিয়া সেই উত্তৰ দিবলৈ মই তোমাৰ কাষত নাই ।



বি দ্ৰ: ইয়াতে ছোৱালী জনীৰ নাম উল্লেখ কৰি দিয়া নাই এই কাৰণে যদি এই কাহিনীটো কোনোবা তাইক চিনি পোৱা মানুহে পঢ়িলে তাইৰ বাবে অসুবিধা হব । বা তাইক যদি কোনোবাই চিনি পায় তেন্তে তাই তাৰ আগত লাজ পাব । আৰু তাইৰ বদনাম ওলাব পাৰে সেই কথা ভাৱি তাইৰ নাম উল্লেখ কৰি দিয়া নাই । আৰু আন কোনো বেলেগ ছোৱালীৰ নামো অন্তভুক্ত কৰি দিয়া নাই। 

✍️ ধন লখিমপুৰ( বগিনদী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)