সন্ধিয়াৰ মালিতা -নিজৰা বৰ্মন ডেকা

©Admin
0
জোনাকী পৰুৱাবোৰ জাক পাতি উৰি গৈছিল
নদীৰ পাৰে পাৰে বহু দূৰলৈ
কণ কণ পোহৰৰ প্ৰতিবিম্ববোৰ 
নদীৰ বুকুত লুকা-ভাকু খেলিছিল ।
মই পোহৰ বিচাৰি গৈছিলোঁ 
জোনাকী পৰুৱাৰ পিছে পিছে 
সন্ধিয়াৰ নিৰ্জনতাত যেন পোহৰবোৰ
চকুৱে মুখে আবৰি ধৰিছিল।
জোনাক নাছিল চাগে মোৰ হৃদয় আকাশত
মোৰ পিনে চাই মাথো সাজেলি তৰাই হাঁহিছিল
বুকুৰ ভিতৰত বিষাদৰ জোৱাৰ উঠিছিল।
হঠাতে নৈপৰীয়া জোপোহাৰ পৰা
উৰি আহিছিল এজাক মৌ-মাখিৰ গুঞ্জন
যেন তানসেনৰ তানপুৰাৰ ঝংকাৰ
ৰিণিৰিণিকৈ বাজিছিল মোৰ কৰ্ণকুহৰত ।
মুগ্ধ হৈ শুনিছিলোঁ মই
সুৰৰ মূৰ্ছনাই বেঢ়ি ধৰিছিল চৌপাশ
জোনৰ জোনাকত পোত গৈছিল দেহ-মন
কল্পনাৰ আকাশত অবাধ বিচৰণ ।
সন্ধিয়াৰ এচাটি মলয়া বতাহে 
চুই গৈছিল মোৰ দেহ
হিমচেঁচা আৰু কপাহী যেন কোমল 
সন্ধিয়াৰ নীৰৱতাত লাহে হৈছিল বিলীন।
মোৰ সন্মুখত এটি জোনাকে স্নিগ্ধ কৰা পথ
মই আগবাঢ়িছিলোঁ নতুনৰ দিশে
নিৰৱিচ্ছিন্ন এখনি হৃদয় লৈ
এজাক পখী উৰি গৈছিল আপোন বাহলৈ ।

✍️নিজৰা বৰ্মন ডেকা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)