নিশাৰ অভিমান -দিপশিখা ৰাজকোঁৱৰ

©Admin
0
নিশাৰ চকামকা পোহৰৰ আকাশখনত
হাজাৰ হাজাৰ তৰা তিৰেবিৰাই আছে
বতাহজাকে অভিমানতে মোৰ গাৰ কাষেদি
চুলি উৰুৱাই পাৰ হৈ গৈছে।
আঁউসীৰ জোনাকত বহি
অনুভৱৰ তাগিদাত ভাহি ফুৰিছো
আৱেগৰ আগমনত সুকীয়া আমেজত
শিহৰিত হৈ কবিতা ৰচিছো।
নিশাৰ নিৰৱতা মোৰ প্ৰিয়
জোনৰ লুকাভাকু খেলো
উপভোগ কৰি ভালপাঁও
বিছনাত নিশা যন্ত্ৰণাত সময়বোৰ
পাৰ কৰাতকৈ বাহিৰৰ সৌন্দৰ্য্যত
আপোন পাহৰা হৈ মোৰ
হিনমন্যতা দূৰ কৰোঁ.........
দুভাগ নিশাও অভিমান কৰোঁ
অনুভৱক হৃদয়েৰে কাষলৈ মাতো।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)