প্ৰেমৰ অনুভূতি -মানস জান শইকীয়া

©Admin
1
প্ৰেম এনেকুৱা এক অনুভূতি য'ত মিঠা আৰু তিতা দুয়োটাই থাকে। ভাল লগাবোৰ যেতিয়া ভালপোৱা হয় তেতিয়া প্ৰেমৰ বতাহ বলিব ধৰে। তেতিয়া গোটেই পৃথিৱীখন্ই ধুনীয়া অনুভৱ হয়। কিন্তু আজিৰ দিনত প্ৰেমৰ মূল্যই বা কি? সচা ভালপোৱা জানো আছে? নাই মাত্ৰ ভালপোৱা আছে টকা-পইচা,সা-সম্পত্তিৰ ওপৰত। প্ৰেমৰ মুখা পিন্ধি লগত থকাৰ অভিনয়হে কৰে। মনে প্ৰাণে ভালপোৱাৰ নাটক কৰে। কেইদিনমান যোৱাৰ পিছতে আমনি লাগে আৰু এনেকুৱা কৰে যে প্ৰেম কৰাই নাছিল। লাহে লাহে সময় নোহোৱাৰ অভিনয় কৰে। এনেদৰেই এদিন প্ৰেমৰ অৱসান ঘটে। সচাঁ ভালপোৱা জনে কষ্ট পাব লগীয়া হয়। কিন্তু আনক কষ্ট দি কোনো সুখী হ'ব নোৱাৰে। গতিকে ভালপালে শেষলৈকে একেদৰে ভালপাব লাগে। এদিন বা দুদিনৰ বাবে আলহী হিচাপে আহি মৰম চেনেহ লগাই অন্তৰ এখন ভাঙিব নালাগে। এয়া জানো ভালপোৱা হয়। ভালপোৱাৰ নামত এটি জীৱৰ ধ্বংস কৰাটো জানো কাৰোবাৰ অধিকাৰ আছে। সেয়েহে সকলোকে অনুৰোধ যদি কাৰোবাক ভালপোৱা শেষলৈকে ভালপাবা এদিন দুদিন ভালপোৱাৰ অভিনয় কৰি অন্তৰ নাভাঙিবা। বিশ্বাস নাভাঙিবা সচাঁ ভালপোৱাজনৰ। অগ্ৰাহ্য নকৰিবা তেওঁক,তেওঁটো তোমাক নকৰে। তেওঁৰ অন্তৰখনৰ ভিতৰলৈ এবাৰ সোমায় চোৱা তেওঁৰ অন্তৰত তোমাৰ প্ৰতি মৰম ভালপোৱা কিমান?তোমাক পোৱাৰ আশাত তেওঁ কিমান সংগ্ৰাম কৰে নিজৰ মাজতে? যিদিনা তুমি সেয়া বুজিবা তেতিয়াহে তুমি সচাঁ প্ৰেমৰ অনুভূতি বুজি পাবা। 
                                        
✍️মানস জান শইকীয়া
                               
ৰঙামাটি চেউনী গাওঁ ,বাদুলিপাৰ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment