মেলি দিলোঁ সুকোমল দুখনি হাত
খুলি দিলোঁ হিয়াভৰা উশাহৰ বাট
যাঁচি দিলোঁ স্নেহৰ আশীৰ্বাদ শিৰত
বিলাই দিলোঁ দুখৰ অনুভৱ নিজম ৰাতি
জুকিয়াব নোৱাৰিলোঁ অনুপম জীৱন ।
অপৰাহ্ন বেলাৰ জীৱন ভীষণ জটিল
এতিয়া জানিলোঁ অন্যায় কিমান গৰ্হিত
যাত্ৰাৰ শেষ প্ৰান্তত অকলশৰীয়া মই
অনুভৱে খুঁটিয়াই দুঃচিন্তা মনৰ
অনুতপ্ত ক্ষয়িষ্ণু আভিজাত্য ভাৱৰ ।
ডেউকা কোবাই উৰিব নোৱাৰোঁ
সীমাহীন দূৰত্বত জিৰাম কেনেকৈ
ধ্ৰুব তৰাৰ দৰে স্থিতপ্ৰজ্ঞ নহয়
জাগতিক ভেমৰ ওজনে হেঁচি ধৰিছিল
মেটমৰা অহংকাৰৰ প্ৰলেপ গাত আছিল।
মহানুভৱতাত নিঃসংগ মই
চিন্তাৰ বেমেজালিত ধাৰণা সলনি নহ'ল
দুৰ্বিসহ যন্ত্ৰণাত নিশকতীয়া জীৱন
বয়স বাঢ়িল বাবে উভতি যাব নোৱাৰোঁ
অতীত সময়ে ভেঙুচালি কৰে ।
থৰকাছুটি হেৰুৱাই নিঠৰুৱা পথিক
পুতৌৰ পাত্ৰ নিকটবৰ্তি জনৰ
অতীত খুঁচৰি সকলোৱে উপহাস কৰে
অন্তিম ক্ষণত ৰজা প্ৰজাৰ
মৌন যাত্ৰা হয় জিৰণিৰ শ্মশান খনিলৈ ।
✍️অনন্ত কুমাৰ ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ