ধুমুহাজাক-কৌশিক কলিতা

©Admin
0
অন্ধকাৰত বিলীন আকাশখনক কন্দুৱাই যোৱা ধুমুহাজাক
বলিয়া মেঘৰ বজ্ৰৰ তাণ্ডৱত
হেঁপাহত মাত হেৰুওৱা ধুমুহাজাক
উলাহত নাচি উঠা পাহিৰ থোপা
অকালতে হেৰাই ধুমুহা জাকত 
বিনাশী ভাৱনা বেদনাৰ সংগম
ত্ৰিলোকক কপাই যোৱা ধুমুহা জাক

আকৌ আহিছেহি, অজানিতে দুখ দিব
আকৌ আহিছেহি, যন্ত্ৰণাৰ গীত গাব
আকৌ আহিছেহি, 
সিক্ত নয়নযোৰক উটুৱাই নিবলৈ
এই বতাহজাক

নাম জানো আছে কিবা তাৰ
আছে যদিও মোৰ বাবে সি বলিয়া
কিহৰ নিৰাশাত নাজানো
যান্ত্ৰিকতাৰ যুগত যন্ত্ৰণা নথকা নহয়
যন্ত্ৰণাই সকলোৰে বাট ভেটে
ধুমুহা জাককো নেৰিলে

কংক্ৰীটৰ মৰিশালিত মৰমবোৰ 
আচৰিত যেন লাগে
যদিও শেষ নহয়
সকলোতে প্ৰাণ পাই উঠে
হয়তো ধুমুহাজাকতো উঠিছিল 

পছোৱা বতাহ বুলি যে কয়
মৰমৰ বতাহজাক 
ধুমুহাজাকেও এসময়ত হয়তো
পছোৱাৰ ৰূপত মৰম সানিছিল 

হয়তো অন্ধকাৰৰ পাশত পৰিয়ে
ধুমুহাৰ ৰূপ ল'লে ,কোনেনো জানে...

সমাজখনিত দুৰ্নীতিৰ সংখ্যা বাঢ়িছে নহয়,
ধুমুহা জাক হয়তো তাৰেই পৰিণাম 
কালৰ ৰূপত বিধ্বংসীকাৰী এই ধুমুহাজাক
হয়তো চিকাৰ কোনো দুৰ্নীতিকাৰীৰ 

কোনেনো জানে
কিয় হঠাতেই আহিছিল ধুমুহাজাক
হঠাতেই হেৰাইও যায়, অসীম আকাশৰ বুকুত 
যন্ত্ৰণাৰ টোপোলাটি কলিজাত কাঢ়ি...


*কৌশিক কলিতা*
*সাতগাঁও, নাৰেংগী।*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)