নোকোৱা কথাবোৰ ক'বলৈ
এতিয়াও কবিতাই লগ এৰা নাই
আপোনাৰ কথাতেই ক'ৰবাত কেতিয়াবা
সূৰ্য্যৰ পোহৰ,
বতাহৰ ধীৰ গতি
প্ৰভাতী পখীৰ গান আৰু নদীৰ কলতান,
চৰাইৰ সুহুৰি আৰু কোনোবা খিনিত অনুভৱ কৰোঁ
কেচাঁ মাটিৰ সুগভীৰ বিশ্বাস
আপুনি অহাৰ খবৰ পালেই কুঁৱলী আঁতৰি যায়,
পোহৰৰ আঙুলিয়ে বন্ধ দুৱাৰত টুকুৰিয়াই
সময় ধাৱিত হয়
ক’তো থমকি নৰয়,
মসৃণ আৰু নিকা হয় পথবোৰ
জানেনে
মই এতিয়াও মানুহৰ মাজে মাজে ফুৰিবলৈ এৰা নাই
হৃদয়ৰ খবৰ ল'বলৈ পাহৰা নাই
পোহৰৰ পম খেদিবলৈ আন্ধাৰক আদৰা নাই,
আপোনাৰ কথাত এতিয়াও শিল হৈ যাব পৰা নাই।
*বিনীতা মেচ, ডিব্ৰুগড় (টিংখাং)*
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ