অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ বৈশিষ্ট্য অক্ষুণ্ণ আছে নে? এটি সমীক্ষা ০১- নাছিৰ আহমেদ

©Admin
0
" চ'তে চ'তে গৈ ব'হাগ পালেহি

   ফুলিলে ভেবেলি লতা,

  কৈ থাকোঁ মানে ওৰকে নপৰে

      ব'হাগৰ বিহুটিৰ কথা।"



এই বিহুগীতটি অনুধাৱন কৰিলেই আমি ৰঙালী বিহুৰ প্ৰকৃত তাৎপৰ্য উদ্ঘাটন কৰিব পাৰি। গছে ন কুঁহিপাত মেলিলে,কুলি-কেতেকীয়ে ইনালে বিনালে, বৰদৈচিলা,সৰুদৈচিলাই অসমৰ আকাশত উৰুৱাই ৰঙালী বিহুৰ আগমনি বাৰ্তা দিলে। অসমীয়া ডেকা-গাভৰুয়ে লুইতৰ পাৰে পাৰে, মুকলি পথাৰত,গছৰ তলত, চোতালে চোতালে ব'হাগ বিহুটিক মন-প্ৰাণ ঢালি দি নাচি নাচি,গাই মতলীয়া হৈ পৰে।



       ঋতু পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিয়ে ৰূপ সলোৱাৰ দৰে মানুহেও ৰূপ সলায়, ৰং সলায় আৰু সলায় মনৰ গতিবেগ।



বিশেষকৈ বসন্ত ঋতুত আবাল-বৃদ্ধ-বনিতাৰ শৰীৰ আৰু মনত তীব্ৰ জোকাৰণিৰ সৃষ্টি হয়। ফাগুনৰ পছোৱা বতাহ জাকে কাণে কাণে কৈ যায় গুপুত কথা। চিপ্ চিপ্ কৈ শব্দ কৰি হালি - জালি থকা " ন' কুঁহিপাতে প্ৰাণত তোলে স্পন্দন, গছৰ ডালে-পাতে মধুৰ সুৰত গাই ফুৰা কুলি-কেতেকীৰ প্ৰেম,-ৰাগৰ গীতে হৃদয়ত জগায় এক তীব্ৰ শিহৰণ। সৰু সৰু ল'ৰা -ছোৱালীয়ে প্ৰকৃতিক চিঞৰি -চিঞৰি লৰা-ঢপৰা কৰে,যুৱক-যুৱতীয়ে গায় প্ৰাণোচ্ছল যৌৱনৰ গান, প্ৰবীন সকলে প্ৰকৃতিৰ বুকুত বিচাৰি শৈশৱ,যৌৱন আৰু বৰ্তমানক স্মৃতি মধুৰ কৰি তোলে। এই বসন্ত ঋতুক কেন্দ্ৰ কৰি আদিম কালৰ পৰা মানুহে পাতি আহিছে নানা ৰঙৰ উছৱ।ঢুলিয়াৰ ঢোলৰ ছেৱে ছেৱে গাভৰু ছোৱালীৰ কঁকাল খামুচিয়া নাচৰ তালে তালে যৌৱনক যেন চিৰ ৰঙীন,চিৰ স্বপ্নময় কৰি তোলে। ব'হাগী উছৱে দুৰ্দম যৌৱনক ৰসাল কৰি " ৰসো বৈ সঃ " ৰ নদীত স্নান কৰি মানুহে যুগে যুগে হৈ আহিছে এক অবিনশ্বৰ আত্মাৰ গৰাকী,অজৰ অমৰ সেয়ে বিহুৱে কাকো দুখ নিদিয়ে, ,ৰং দিয়ে,ৰস দিয়ে।



অসমৰ জাতীয় উৎসৱ এই ৰঙালী বিহুৰ সৈতে সাঙোৰ খাই আছে অসমীয়া সমাজৰ সকলো লোকাচাৰ, ৰীতি-নীতি, পৰম্পৰাগত বিশ্বাস, সাজপাৰ, খাদ্যাভ্যাস,কলা কৃষ্টি সংস্কৃতি।

এই উৎসৱটি কোনো বিশেষ ধৰ্মৰ ওপৰত গঢ়ি উঠা নহয় ; বৰঞ্চ অসমৰ বিভিন্ন জাতি-ধৰ্ম -নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ সমন্বয়ত গঢ়ি উঠিছে এক মহামিলনৰ মানৱতাবাদী আপাম' জনতাৰ মহা ৰঙীন আনন্দ উৎসৱ। 



অসমীয়া জাতিয়ে আটাইতকৈ অধিক ৰং -ৰহইচেৰে ৰঙালী বিহুটি উদ্ যাপন কৰে। 



                আগলৈ🔺🔺

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)