ৰংমনৰ পুত্ৰৰ জন্মদিন,অগতানুগতিক- গৌতম অংকুৰ গগৈ

©Admin
0
ৰংমনৰ বিয়াৰ পাছতে তেওঁলোকৰ মাজলৈ অহা পুত্ৰক লৈ কত যে সপোন। পুত্ৰক উচচ শিক্ষাৰে শিক্ষিত কৰি মানুহৰ মাজত জিলিকি থাকিবলৈ প্ৰকৃত মানুহ কৰাৰ।সেই বাবে ৰংমনে তেওঁৰ পুত্ৰৰ জন্মদিনটো অগতানুগতিক কৰিব বিচাৰিছিল।সেই ২০০০চনতে জন্ম হোৱা পুত্ৰৰ প্ৰথমটো জন্মদিনত কোনো পাশ্চাত্য সংস্কৃতিৰে কেক কাটি পতা নাছিল জন্মদিন।পুত্ৰক সমাজত প্ৰতিষ্ঠিত কৰাৰ লগতে সমাজৰ প্ৰতি দায়ৱদ্ধ হ'বলৈ নিজ গাঁৱৰ কণ কণ লৰা ছোৱালীক লৈ পাতিছিল জন্মদিন।সকলোকে একোখনকৈ কিতাপ, কলম প্ৰদান কৰাৰ ওপৰিও দহটাকৈ কৃষ্ণ চূড়া পুলি পথৰ কাষত ৰূপন কৰি পালন কৰি পাতিছিল পুত্ৰৰ জন্মদিন।এনেকৈ প্ৰতিবছৰে পাতে ৰংমনে পুত্ৰৰ জন্মদিন।এতিয়াও সেই লহপহকৈ বাঢ়ি অহা কৃষ্ণ চূড়া জিলিকি আছে গাওঁখনৰ লগতে কেইবাটাও অঞ্চলত। পিছে ৰংমনক পত্নী পুত্ৰই এৰি যোৱাৰ পাছৰ পৰাই ৰংমনে কিছূ কষ্টৰে সেই ধাৰা বজাই ৰাখি অকলহৰে পালন কৰি আহিছিল পুত্ৰৰ জন্মদিন।পিছে এইবাৰ ৰংমনে একোকে ভাবিব নোৱাৰা হৈছে।বহু চিন্তাই ৰংমনক আগুৰি ধৰিছে।নিজৰ জিয়াই থকাৰ সংগ্ৰাম, সামাজিক দায়বদ্ধতা ,এনেবোৰ সংগ্ৰামৰ মাজতে ৰংমন বিভূৰ।ইফালে মাজে সময়ে আগতে ৰংমনে পুত্ৰক লগ ধৰি কিছু সময় অতিবাহিত কৰিবলৈ সুযোগ পাইছিল।কিন্তু এইবাৰ বোলে ৰংমনক পুত্ৰক লগ কৰিবলৈ নিদিয়ে এৰি যোৱা পত্নীয়ে।সেই বাবে ৰংমনে মনত বৰ কষ্ট পাই পুত্ৰৰ জন্মদিনটোত একোকে নকৰাৰ সিদ্ধান্ত লৈছে। ৰংমনে মাথো মনত বেজাৰ পায় কিছু লোকক কয় বোলে ,ৰংমনৰ পুত্ৰ মানুহ হব, ৰংমনৰ দৰে সহজ সৰল মনৰ লৰা হব, পঢ়াতো ভাল হ'ব বোলে।এনেদৰে ৰংমনে পুত্ৰৰ চিন্তাত পলাপ বকা দি বকে কেতিয়াবা মানুহৰ আগত।কোনেও নুশুনিলেও প্ৰায় পুত্ৰৰ কথা কৈ কৈ ৰংমনে মনৰ সতুষ্টি লয়।সেই ৰংমনৰ পুত্ৰৰ জন্মদিনটো আপোনালোকৰো নিশ্চয় জানিব মন নাযায় জানো।৩০ ডিচেম্বৰ।সময় বিয়লি ২ বজাত।মইও এই আপাহতে ৰংমনৰ পুত্ৰক জন্মদিনৰ জনাইছোঁ শুভেচ্ছা।ৰংমনৰ আশা পুৰণ হওঁক।আপোনালোকেও জনাওক ৰংমনৰ পুত্ৰক শুভেচ্ছা।

      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)