সাংস্কৃতিক অনুষ্ঠান -অভিজিত শেনচোৱা

©Admin
0
বহাগ বিহুৰ বতৰ । চৌদিশে ঢোল-পেঁপাৰ গুমগুমণি । গছৰ ডালত কুলি চৰাইৰ সুমিধুৰ বিননী । তাৰ লগতে অসমৰ প্রান্তে প্রান্তে বহাগ বিহুৰ সংস্কৃতিক অনুষ্ঠানসমূহ । আজিকালি অৱশ্যে কেৱল অসমৰ চাৰিসীমাতে বহাগৰ বতৰৰ সাংস্কৃতিক অনুষ্ঠান বা প্ৰগ্ৰেম সমূহ আবদ্ধ হৈ থকা নাই বৰং অসমৰ সীমাৰ পৰিধি ভাঙি ই বিস্তৃত । বহুজনে সাংস্কৃতিক অনুষ্ঠানৰ বেয়া দিশসমূহ আঙুলিয়াই দিয়া আমি সততে দেখা পাওঁ । হয়ো, সাংস্কৃতিক সন্ধ্যাৰ কেইঘণ্টামানৰ আমোদৰ মাজত বহুখিনি অপকাৰী আৰু অদৰকাৰী কাৰ্য-কালাপ হোৱা দেখা যায় যিসমূহ গ্রহণযোগ্য নহয় । কিন্তু তাৰ মাজতো বহুখিনি কাৰ্য বা ব্যক্তি সেই কেই ঘণ্টামানৰ সাংস্কৃতিক সন্ধ্যাৰ মাজত সোমাই থাকে যি কেতিয়াবা হৈ পৰে তেওঁলোকৰ জীয়াই থকাৰ সমল । সাধাৰণ মানুহৰ দৃষ্টিৰে এখন সাংস্কৃতিক অনুষ্ঠান মানে গায়ক বা গায়িকা আহি গীত পৰিবেশন কৰা এক মঞ্চ । কিন্তু সঁচা অৰ্থত তেনে নহয় । এখন সাংস্কৃতিক অনুষ্ঠানত মঞ্চত আমন্ত্ৰিত শিল্পী উঠাৰ পূৰ্বে আন বহুতো কাৰ্য কৰা হয় । যেনে স্থানীয় শিল্পীৰ নৃত্য-গীত প্ৰদৰ্শন । সাংস্কৃতিক অনুষ্ঠানৰ এয়া এক ভাল দিশ । কিয়নো অসমৰ বিভিন্ন স্থান বিশেষে থকা লুপ্তপ্ৰায় নৃত্য-গীতসমূহ প্ৰদৰ্শনৰ দ্বাৰা পুনৰ ৰাইজক অৱগত কৰোৱাত সেই সাংস্কৃতিক মঞ্চখনৰ প্ৰভাৱ অপাৰ । ঠিক সেইদৰে অঞ্চলটোত লুকাই থকা প্ৰতিভা সমূহ উলিয়াই অনাত এই মঞ্চখনৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে । ইয়াতেই স্থানীয় শিল্পীয়ে নিজৰ প্ৰতিভা দেখুৱাৰ সুযোগ লাভ কৰে । সেয়া হয়তো গাঁওৰ বা সেই অনুষ্ঠান অনুষ্ঠিত হোৱা অঞ্চলটোৰ কোনোবা ঢুলীয়া, পেঁপাবাদক, কন্ঠশিল্পী, নৃত্যশিল্পী, চিত্ৰশিল্পী, কমেডীয়ান অথবা নৃত্য-গীত পৰিবেশন কৰা কোনো দল হব পাৰে যি পূৰ্বতে মঞ্চত পৰিৱেশন কৰিবলৈ সুযোগ পোৱা নাছিল । ঠিক সেইদৰে এখন সাংস্কৃতিক অনুষ্ঠানৰ পৰাই বহুকেইজনৰ পেটৰ ভাতমুঠি মুকলি হয় । বহাগৰ এই সময়ছোৱাই তেওঁলোকৰ বাবে উপাৰ্জনৰ সুবৰ্ণ সুযোগ । অনুষ্ঠানৰ মঞ্চ সজোৱা কাৰীকৰ কেইজনৰ পৰা আৰম্ভ কৰি লাইট, চাউণ্ড বক্স, চকী, অনুষ্ঠানৰ পোষ্টাৰ বনোৱা ব্যক্তিকেইজনৰ পৰা একেবাৰে অনুষ্ঠানৰ দিনা বাহিৰত চানা, পকৰি বিক্ৰী কৰা দোকানীকেইজনলৈকে সকলোৰে উপাৰ্জনৰ মূল কেন্দ্ৰবিন্দু সেই সাংস্কৃতিক অনুষ্ঠানখন । ইয়াৰ উপৰিও অনুষ্ঠানত গীত পৰিবেশন কৰিবলৈ অহা মুখ্য শিল্পীৰ লগতে তেওঁৰ গোটেই টিমটো, বাদ্যযন্ত্রী সকল, তেওঁলোক অহা যোৱা কৰা বাহনখন ইত্যাদি সকলো নিৰ্ভৰ কৰে অনুষ্ঠানখনৰ ওপৰত । 
     সহজ অৰ্থত কবলৈ গলে কোনো এখন ঠাইত অনুষ্ঠিত হোৱা এখন সাংস্কৃতিক অনুষ্ঠানে কেৱল সেই ঠাইৰ লোকসকলৰ মনত কেইঘণ্টামান আমোদ দিয়াই নহয় বৰং অঞ্চলটোৰ বিকাশ সাধন আৰু বহুলোকৰ অন্নমুঠি উপাৰ্জন কৰাৰ বাটো মুকলি কৰি তোলে ।

✍️অভিজিত শেনচোৱা
ডিব্ৰুগড় বিশ্ববিদ্যালয়
শিক্ষাতত্ব বিভাগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)