আমি ছোৱালী-ৰিম্পী ভঁৰালী

©Admin
0
ছোৱালী আমি , সেইবাবে বন্দী 
ৰাতি বাহিৰলৈ নাযাবা ,
পুৰুষৰ লগত কথা নাপাতিবা,
এনেকুৱাই আমাৰ নীতি 
কাৰণ আমি ছোৱালী ।
বেছিকৈ হাঁহি নাথাকিবা ,
ল'ৰাৰ কৰ্ম নকৰিবা ,
এইখিনিতে আমাৰ সীমা 
কাৰণ আমি ছোৱালী ।
কিয় আজি এই মতভেদ? 
আমি কি মানৱ নহয়?
আমাৰ কি অধিকাৰ নাই ?
আমি পৰাধীন নেকি?
সমাজৰ ৰোষত আজি 
স্তব্ধ সকলোৰে কণ্ঠ 
ছোৱালীক মাথোঁ দিছে
এক অভিশপ্ত জীৱন ।
ছোৱালীৰ কি অন্তৰ নাই?
নিজ আকাংক্ষা পূৰণৰ 
হেঁপাহবোৰ হেঁপাহ হৈয়ে ৰয়,
কাৰণ আমি ছোৱালী ।
         
✍🏻 ৰিম্পী ভঁৰালী 
    হাৰ্হি একাডেমি হাইস্কুল 
       দশম শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)