পুৰীৰ জগন্নাথ মন্দিৰ আৰু অন্যান্য স্থান ভ্ৰমণ-পৱিত্ৰ কুমাৰ শৰ্মা

©Admin
0
ভাৰতৰ হিন্দু-ধৰ্মাৱলম্বী লোকৰ অন্যতম তীৰ্থস্থান উৰিষ্যাৰ পুৰীৰ জগন্নাথ মন্দিৰলৈ প্ৰতি বছৰেই যথেষ্ট সংখ্যক লোকৰ আগমন হয় । বিশেষকৈ ৰথ যাত্ৰাৰ সময়ত লাখ লাখ লোকে প্ৰভূৰ চৰণত মূৰ দোৱাবলৈ যাত্ৰা কৰে । সেই উদ্দেশ্যে মই, মোৰ পৰিবাৰ আৰু ল'ৰাৰ সৈতে লগ লাগি ২০১০ চনৰ অক্টোবৰ মাহৰ ১৪ তাৰিখে ৰাতিপুৱাই ট্ৰেনত উঠি পুৰীলৈ বুলি যাত্ৰা কৰিছিলোঁ । পিছদিনা আবেলি সময়ত  আমি পুৰী ৰেল ষ্টেচনত নামিছিলোঁ । ষ্টেচনৰ পৰা নমাৰ লগে লগেই কেইজনমান ল'ৰাই আমাক পুৰীৰ আশে-পাশে ঠাইবোৰ ফুৰাৰ বাবে বৰকৈ  খাটনি ধৰিছিল । আমি যিহেতু পুৰী তথা তাৰ আশে- পাশে থকা ঠাই ফুৰিম বুলিয়েই ঘৰৰপৰা ওলাই আহিছিলোঁ ,গতিকে বিশেষ চিন্তা নকৰি তেওঁলোকে কোৱা মতে পিছদিনা মন্দিৰ দৰ্শন কৰি আৰু তৃতীয় দিনা ফুৰিবৰ বাবে টুৰিষ্ট বাছৰ টিকট কৰি থৈছিলোঁ । তাৰ পিছতে অটো এখন লৈ জগন্নাথ মন্দিৰৰ কাষতে থকা আগতে যোগাযোগ কৰা পাণ্ডা এজনৰ ঘৰ পাইছিলোঁ । ইতিমধ্যে পাণ্ডাজনে ঠিক কৰি থোৱা ধৰমশালাৰ কোঠাত কিছু সময় জিৰণি লৈ পোনে পোনে সাগৰৰ পাৰলৈ গৈছিলোঁ । জীৱনত প্ৰথম বাৰৰ বাবে বীছত উপস্থিত হৈ সাগৰৰ ঢৌ দেখি আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ । তাত তেতিয়া হাজাৰ হাজাৰ মানুহে ইফাল-সিফাল কৰি অহা-যোৱা কৰি আছিল আৰু কোনো কোনোৱে সাগৰত গা ধুই আনন্দ উপভোগো কৰিছিল । প্ৰতি দিনেই তাত এখন মেলা বহে আৰু বিভিন্ন ধৰণৰ সামগ্ৰীৰে বিক্ৰেতাসকলে গ্ৰাহকক কিনিবলৈ আকৰ্ষণ কৰাৰ চেষ্টা কৰে  । তাতে কিছু সময় থাকি পুণৰ আহি ধৰমশালাত উভটি আহিছিলোঁ । সেই ধৰমশালাত অসমৰ পৰা যোৱা বিভিন্ন ঠাইৰ মানুহ গোট খাইছিল । গতিকে পুৰীত থাকিলেও আমি অসমতে থকাৰ দৰেই লাগিছিল ।
       পিছদিনা ৰাতিপুৱাই সোনকালে গা-ধুই মন্দিৰ দৰ্শন কৰিবলৈ সাজু হৈছিলোঁ । মন্দিৰৰ চৌহদটো যথেষ্ট ডাঙৰ লগতে  ইয়াৰ মুল মন্দিৰটোও যথেষ্ট ওখ‌ । চৌহদৰ ভিতৰত মুল মন্দিৰৰ উপৰিও কেইবাটাও মন্দিৰ আছে । মন্দিৰৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰিবলৈ হ'লে নিজৰ মানিবেগৰ বাহিৰে মোবাইল ফোন, কেমেৰা আদি ভিতৰলৈ নিবলৈ দিয়া নহয় । মন্দিৰৰ ভিতৰত যথেষ্ট লোকৰ সমাগম হয়, সেয়ে দৰ্শন কৰি ওলাই আহোঁতে দুঘণ্টামান সময় লাগে । পূজাৰ অন্তত ভোগ দিয়া হয় । ইয়াত এক বৃহৎ আকাৰৰ ৰান্ধনী ঘৰ আছে য'ত প্ৰতিদিনে কমেও ৫০০০ লোকক খুউৱাৰ ব্যৱস্থা আছে ।
       তাৰ পিছদিনা ৰাতিপুৱা অলপ খোৱা-বোৱা কৰি পুৰীৰ অন্যান্য ঠাইসমুহ চাবৰ বাবে আমি নিদ্ধাৰিত টুৰিষ্ট বাছত উঠিবলৈ ওলাই আহিছিলোঁ । যথা সময়ত সকলো যাত্ৰী উঠাৰ পিছত বাছত যোৱা গাইডে সকলোকে উষ্ম আদৰণি জনাই যাত্ৰীসকলৰ মঙ্গল কামনা কৰিছিল । তেখেতে হিন্দিতে ফুৰিবলৈ যোৱা ঠাইসমুহৰ সুন্দৰ বিৱৰণ দি গৈছিল । মাজে-সময়ে দুই এটা খুহুতীয়া কথা কৈ যাত্ৰীসকলক আমোদ দিছিল । উৰিষ্যাত জগন্নাথ মন্দিৰৰ বাদেও ফুৰিবলগীয়া ঠাইসমুহৰ ভিতৰত প্ৰধান ঠাই সমুহ হৈছে, কোনাৰ্ক সূৰ্য মন্দিৰ, উদয়গিৰি আৰু খাণ্ডাগিৰি গুহা ,লিঙ্গৰাজ মন্দিৰ,নন্দন কানন চিৰিয়াখানা,চিল্কা হ্ৰদ আৰু কেইখনমান উল্লেখযোগ্য বীছ  । উৰিষ্যাৰ পৱিত্ৰ নগৰ পুৰীৰ সমীপত অৱস্থিত কোনাৰ্ক  সূৰ্য মন্দিৰতো সূৰ্য দেৱতাৰ নামত উৎসৰ্গিত আৰু সূৰ্যদেৱতাৰ ৰথৰ আকৃতিত নিৰ্মাণ কৰা হৈছিল । এই মন্দিৰটো ভাৰতৰ মধ্য যুগৰ স্থাপত্যৰ এক অনন্য নিদৰ্শন আৰু বঙ্গোপ সাগৰৰ পাৰত অৱস্থিত । সূৰ্য্য মন্দিৰটো শিলৰ আচৰিত খোদিত শিল্পৰ বাবে জনাজাত । মন্দিৰৰ শিলত কটা ৰথৰ চকাবোৰ হৈছে সূৰ্য ঘড়ী যিবোৰৰ সহায়ত দিন আৰু ৰাতিকে ধৰি এক মিনিটলৈকে সময় সঠিকভাৱে সময় গণনা কৰিব পাৰি । মন্দিৰৰ ভিতৰত থকা গাইডে আমাক এই ৰথৰ চকাৰ সহায়ত সেই মুহূৰ্তৰ সঠিক সময় উলিয়াই আমাক ঘড়ী চাবলৈ কোৱাত সময়টো  মিলি যোৱাৰ বাবে আমি বৰ আচৰিত হৈছিলোঁ । তেখেতে কোৱা মতে কোনাৰ্ক মন্দিৰৰ ছাঁ কোনোফালে কেতিয়াও মাটিত নপৰে । এই মন্দিৰত বহু দিনৰ আগতে পূজা-অৰ্চনা হৈছিল ; কিন্তু ইংৰাজসকলে যেতিয়া ভাৰতত শাসন কৰিছিল, তেতিয়া সাগৰেদি যোৱা জাহাজ মন্দিৰৰ ওচৰ পোৱাৰ লগে লগেই ছোঁ-মাৰি মন্দিৰটোৰফালে  গুচি আহিছিল । তেওঁলোকে লক্ষ্য কৰিছিল যে মন্দিৰটোত নিশ্চয় কিবা চুম্বক জাতীয় পদাৰ্থ আছে । সেয়ে মন্দিৰৰ পূজা কৰা অংশত বোমা দি উৰুৱাই দিছিল আৰু তেতিয়াৰ পৰাই তাত পূজা-পাতল হোৱা নাছিল ।
       ইয়াৰ পিছত আমি উদয়গিৰি আৰু খাণ্ডাগিৰি গুহা পাইছিলোঁ । উদয়গিৰি গুহাত হিন্দু আৰু জৈন ধৰ্মৰ প্ৰতিমূৰ্তি আছে । হিন্দুৰ পৌৰাণিক কাহিনীত বৰ্ণনা কৰা ধৰণে গাহৰিৰ দাঁতত আঁকোৱালি লৈ ভূদেৱীয়ে প্ৰতীকীভাবে প্ৰতিনিধিত্ব কৰা পৃথিৱীখনক উদ্ধাৰ কৰি মানৱ গাহৰি বৰাহ ৰূপে বিষ্ণুৰ অৱতাৰত থকা প্ৰাচীন কীৰ্তিচিহ্নস্বৰূপ ভাস্কৰ্যৰ বাবে সেই গুহাসমূহ উল্লেখযোগ্য । আনহাতে খাণ্ডাগিৰি আক্ষৰিক অৰ্থ হৈছে ভঙা পাহাৰ । ইয়াৰ কিছুমান গুহা অক্ষত অৱস্থাত নাই যদিও বেছিভাগেই পাহাৰৰ শিলৰ পৰা গুহাবোৰ খোদিত কৰাৰ সুক্ষ্ম কলা দেখুৱাইছে ।
       এই গুহাসমূহ চোৱাৰ পিছত লিঙ্গৰাজ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলোঁ । লিঙ্গৰাজ মন্দিৰ শিৱৰ প্ৰতি উৎসৰ্গিত মন্দিৰ আৰু উৰিষ্যাৰ ৰাজধানী ভূৱনেশ্বৰৰ অন্যতম পুৰণি মন্দিৰ । এই মন্দিৰটো ভূৱনেশ্বৰ চহৰৰ আটাইতকৈ চকুত লগা আৰু ৰাজ্যখনৰ অন্যতম প্ৰধান পৰ্যটনস্থলী ।
       লিঙ্গৰাজ মন্দিৰৰ পৰা যোৱাৰ পিছত উৰিষ্যাৰ বিখ্যাত নন্দন কানন চিৰিয়াখানালৈ গৈছিলোঁ । নন্দন কানন হৈছে বিশ্বৰ প্ৰথমখন চিৰিয়াখানা যিয়ে বগা বাঘ আৰু মেলানিষ্টিক বাঘৰ প্ৰজনন কৰে । বিশ্বৰ ভিতৰতে ভাৰতীয় পেঙ্গোলিনৰ একমাত্ৰ সংৰক্ষণ প্ৰজনন কেন্দ্ৰ হৈছে নন্দনকানন । সেয়ে আমাৰো বগা বাঘ দেখাৰ সৌভাগ্য ঘটিছিল । ইয়াৰ পিছত ক্ৰমে টুৰিষ্ট বাছখন ভূৱনেশ্বৰ মহানগৰত প্ৰৱেশ কৰিছিল । এটা সময়ত বাছখন আহি ভূৱনেশ্বৰ ৰেল ষ্টেচনত ৰৈছিল আৰু আমি নামি ওচৰৰে এখন হোটেলত সোমাইছিলোঁ । গোটেই দিনটো ঘূৰি-পকি অহাৰ বাবে খুব ভাগৰ লাগিছিল ,সেয়ে ৰাতি জিৰণি লৈছিলোঁ ।
       আমাৰ যাত্ৰা শেষ হৈছিল আৰু ঠাইবোৰ চাই বৰ ভালো লাগিছিল । সেয়ে পিছদিনা ঘূৰি আহিবৰ বাবে ৰেলেৰে ভূৱনেশ্বৰৰ পৰা হাওৰালৈ আহিছিলোঁ আৰু হাওৰাত ৰেল সলনি কৰি গুৱাহাটী অভিমুখে অহা শৰাইঘাট এক্সপ্ৰেছত উঠি পিছদিনা ৰাতিপুৱা গুৱাহাটীলৈ পাইছিলোঁ । তাৰ পিছত গুৱাহাটীৰ পৰা নগাঁৱলৈ অহা ৰেলত উঠি ঘৰ পাইছিলোঁ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)