এখন অজান ৰাজ্যৰ এটি মিঠা অনুভৱ-ক্ষীৰোদ মণি মহন

©Admin
0
কি লিখিম ভাবি পোৱা নাই । আজি ইমানেই ফুৰ্তি। ঘৰৰ মানুহ বোৰৰ মুখত এটি মিঠা হাঁহি। ফূৰ্তিটো লাগিবই টো ন । কাৰণ তেওঁলোকৰ একমাত্ৰ ল'ৰাজনে মহাৰাষ্ট্ৰত এটি সৰু চাকৰি পালে । সেইদিনা কি তাৰিখ আছিল জানো পাহৰিলো। গুৱাহাটীৰ পৰা ছুটি লৈ ঘৰলৈ গ'ল চাৰি/পাঁচ দিনৰ বাবে। শেষবাৰৰ বাবে কেইদিনমান ঘৰত থাকি গাঁওবাসীৰ লগত হাঁহি ধেমালিৰে পাৰ কৰি মাক-দেউতাকৰ আশীষ লৈ ৫ ফেব্ৰুৱাৰী তাৰিখে পুনৰ মহাৰাষ্ট্ৰলৈ যাবলৈ ভজোৰ ৰে'ল ষ্টেচনৰ পৰা  যাত্ৰা আৰম্ভ কৰিলে। ষ্টেচনত ৰাহুলক কেইবাজনো জেষ্ঠ ব্যক্তিয়ে শুভকামনা জনাবলৈ আহিল। সেইকেইজন ব্যক্তিক কোনোদিনে পাহৰিব নোৱাৰে ৰাহুলে । সেইকেইজন আন কোনো নহয় আমাৰ সকলোৰে পৰিচিত সোণাৰীৰ জেষ্ঠ সাংবাদিক সূৰ্য বৰুৱা আৰু সাপেখাটিৰ  সমাজকৰ্মী ৰাজু গগৈৰ লগতে বৈজয়ন্তী ফুকন বাইদেউক আৰু প্ৰগতি এডুকেট। যিকেইজন ব্যক্তিৰ বাবে ৰাহুলে নিজেই নিজৰ ভৰিৰ ওপৰত ঠিয় হ'বৰ বাবে সক্ষম হৈছে। বাৰু যি কি নহওঁক পিছলৈ গতি কৰোঁ নেকি বাৰু? 
              ঝক!ঝক!ঝক! কৰি উকি পাৰি গৈ আছে গুৱাহাটী অভিমুখী কামৰূপ এক্সপ্ৰেছ খন। এটাই অসুবিধা ৰে'লৰ টিকেটৰ waiting ৰ যাত্ৰা । বহুত কষ্ট হয় এজন যাত্ৰীৰ বাবে। কষ্ট হ'লেও টো একো নাই । পিছদিনা ৰাতিপুৱা ৫/৬ বজাত গুৱাহাটী পালেগৈ সি। তাৰ বাবে নিৰ্দিষ্ট কৰি থৈ দিয়া গাড়ীখনত হোষ্টেললৈ গ'ল । তাৰ পিছত অলপ জিৰণি লৈ appointment letter ল'বলৈ গ'ল । appointment letter লৈ আপোন বন্ধুসকলৰ পৰা লগতে নাহৰকটীয়াৰ অতি কম দিনৰ ভিতৰতে আপোন হৈ পৰা সাগৰ আৰু সুৰজিৎৰ পৰা বিদায় লৈ পুনৰ ৰে'ল ষ্টেচনলৈ গ'ল । ষ্টেচনত  নথিপত্ৰ পৰীক্ষণ কৰিবলৈ অফিচলৈ গ'ল। ষ্টেচনত ইমান মিঠা মিঠা   মাতেৰে ঘোষণা কৰা আছে ৰে'লৰ নামবোৰ। যেতিয়া মাইকত গুৱাহাটী হাওৰা অভিমুখী শৰাইঘাট ।এক্সপ্ৰেছ ৰ নাম ল'লে তেতিয়া ততালিকে উঠি গৈ নিজৰ বয়-বস্তু বোৰ সামৰি সি বহি ল'লে নিজৰ ঠাইখনত। আৰম্ভ হ'ল তাৰ যাত্ৰা। লাহে লাহে আগুৱাই গৈছে শৰাইঘাট খনি আৰু। কাণত হেডফোন লগাই গান শুনি গৈ আছে সি । গৈ গৈ নৰনাৰায়ণ সেতু পাৰ হ'ল । ৰাতি হ'ল। ৰাহুলে খাই ল'লে কিবা এটা ৰে'লত। ৰৈ ৰৈহাওৰাবছে ৰে'ল খন। পিছদিনা কৰি বলেভুৱা পালেগৈ সি কলকাতা অৰ্থাৎ হাওৰা ষ্টেচন। তেতিয়া ৫-৩০ হৈছে আগুৱাই গৈছে নিজৰ প্লেটফৰ্মলৈ সি। ৰাতিপুৱাই যেতিয়া গঙ্গাৰ পূব পাৰৰ জলাশয় আৰু জঙ্গলে আৱৰা অঞ্চলটো জলদস্যু, স্থলদস্যু আৰু বিভিন্ন দেশী-বিদেশী বদমাচৰ লুকোৱাৰ ঠাই হিচাপে খ্যাত কলকাতা মহানগৰীত উপস্থিত হ'লো তেতিয়া লগৰটোক কলো - আমি যিখন কলকাতাত থাকি  আসুন একটি ছবি তোলা যাক।এনেদৰে সি ৰৈ আছে আজাদ হিন্দ এক্সপ্ৰেছৰ বাবে। আহিব ৰাতি ৯ বজাত। কলকাতাত এসাজ খোৱাৰ মানসেৰে সি ষ্টেচনৰ পৰা অলপ ওলাই গ'ল.............।

                 
✍️ক্ষীৰোদ মণি মহন   
৯৯৫৪৭০৬৯৯৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)