এটা সপোন হৈ
তুমি মোৰ কাষলৈ আহিবা
ভালপোৱাৰ জোনাকবোৰ
সিঁচি দিবা তুমি
মোৰ বুকুত......
সিঁচি দিবা হাজাৰ সপোন......
বুকুৰ মাজত আৱৰি থকা
অমাবস্যা আন্ধাৰবোৰ
সিঁচি দিবা
পোহৰ কৰি.......
আৰু তোমাৰ বুকুত
মোৰ হেৰুওৱা আশাবোৰ
শিপাবলৈ দিবা......
সযতনে.......
মৰমেৰে.......
✍️পিংকি শৰ্মা।
যোৰহাট; টিয়ক, (বনাই)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ