ফুটপাথৰ এনিশা-ধনমণি কোঁৱৰ

Rinku Rajowar
0
এখোজ-দুখোজ কৰি
আহি ফুটপাথতে পৰিলো বহি।
অচিনাকি মহানগৰত
চিনাকিৰ মুখ বিচাৰি খাইছো হাবাথুৰি।
ৰাস্তাৰ কাষেদি পাৰ হৈ যোৱা 
প্ৰতিজন ব্যক্তিৰ মুখলৈ
 দৃষ্টি নিক্ষেপ কৰিছো,
জানোছা মোৰ এই দুৰাৱস্থা দেখি
সহায়ৰ হাত আগবঢ়াবলৈ
আহে আগবাঢ়ি কোনো সু-হৃদয় ব্যক্তি।
নাই, ব্যস্ত মহানগৰত
সহায়ৰ হাত আগবঢ়াবলৈ অহাটো
 দূৰৈৰ কথা,
এবাৰ মুখ ঘুৰাই চাবলৈ কাৰো সময় নাই।
ভোকৰ তাড়নাত পৰি ফুটপাথতে
পৰিছো চিঞৰি।
তথাপিও এই চিঞৰ ৰুদ্ধ হৈ পৰিছে।
অৱশেষত এই ক্লান্ত শৰীৰ কম্পনেৰে
বাগৰি পৰিলো ফুটপাথতে।।


                              ✍️ধনমণি কোঁৱৰ
                               লখিমপুৰ(বগিনদী)
                                  দ্বাদশ শ্ৰেণী ছাত্ৰ
                      যোগাযোগ:৭০৮৬৮৮৪৮০১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)