বিহু আমাৰ অসমীয়াৰ মান,
ঢোল -পেঁপা, গগণাই মাতিছে চিঞৰি
বাপতিসাহোন ব’হাগ আকৌ আহিল বুলি,
কপৌ–তগৰে সুগন্ধি বিলাই
বতাহত দিলে বসন্তৰ বাতৰি বিয়পাই।
জাতিৰ সাজত ওলাল অসমীয়া
নিজ জাতিৰ পৰম্পৰাক কৰিলে ৰক্ষা ,
ঘৰে ঘৰে হুঁচৰি গাবলৈ গ'ল,
চেনেহৰ বিহুটিক আদৰিবৰ হ'ল।
নতুন ভাস্কৰত সকলো হ'ল উজ্জ্বল
মনৰ হেঁপাহত অসমীয়া হ'ল আনন্দত টল্ মল,
ঘৰে ঘৰে পিঠা -পনা আৰু জলপান
ডাঙৰক সেৱা জনাই লওঁ আশীৰ্বাদ,
এয়াই আমাৰ বাপতিসাহোন
বসন্তৰ মান।
◾ৰিম্পী ভঁৰালী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ