বিশ্ব অভিলেখত ৰঙালী বিহু | বসন্ত ওজা

Rinku Rajowar
0
অসমত অসমীয়াৰ
বাপতি সাহোন ৰঙালীৰ
    মাদকতা যেন 
           নোহোৱা হ'ল।
দেশ–বিদেশৰ ঢুলীয়া
নাচনী গোটাই লৈ
     অভিলেখ গঢ়িবলৈ গ' ল।।
আমাৰ আদৰৰ বিহুটিক
গণনা কৰিবলগীয়া
     আছে জানো কিবা কাম ?
ৰাজ ভঁৰালৰ সাঁচতীয়া
ধনৰ অপচয়ে কি
    সাধিব দেশ জনতাৰ প্ৰাণ ??
কৃত্ৰিমতাৰ বেহুত পৰি
ৰঙালীক আদৰি আজি
    বিশ্ব গ্ৰন্থত লিখিলা নাম।
পিছে বাঘ ঘোঙ বেচাৰ দৰে
বেচিব নেকি জাতীয় সত্ত্বা
     তাৰ প্ৰতি হ'বা সাৱধান ।।
জাতীয় উৎসৱৰ এই
বিশ্ব অভিলেখত গোপনে
   পৰিছে নেকি
      পূঁজিপতিৰ হাত।
যদিহে গম পোৱা নাই
অসমৰ অসমীয়াই
   এদিন চেলেকিবা চুৱাপাত।।


  ◾বসন্ত ওজা, বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)