দেশী ভাষাৰ কবিতা-দাদা ৰে দাদা চৈত বিষমাৰ মেলাত-নাছিৰ আহমেদ

Rinku Rajowar
0
দাদা ৰে দাদা
মুঁই চৈত বিষমাৰ মেলাত যাবাৰ চাং।
চৈত বিষমাৰ মেলাত যায়া 
ৰসে টপ টপে পৰা জিলাপি খাইম, 
হাতত পিন্ধিম ৰং বিৰঙেৰ চুড়ী
পাৱত নূপূৰেৰ ঝুন ঝুন ঝুন
গেন্দা ফুলেৰ মালা 
     খোপাৰ মধ্যে গুজি নিম।

দাদা ৰে দাদা
মুঁই চৈত বিষমাৰ মেলাত যাবাৰ চাং--- 
নখত লাগাইম লাল টকটকে আলতা, 
মাথাত বাস্না তেল, 
গাৱে -মুখে পাউদাৰ আৰ আতৰ ঘসিম ।

মোৰ শৰীলেৰ বাস্নাতে
  ৰঙীলা বন্ধুৱা আসিল মোৰ পাছতে
মোৰ মিঠা পানেৰ পিছকিৰিৰ দাগ
যায়া লাগিল মোৰ বন্ধুৰ গাত
গাছত লাগিল কুঁশি পাতা
কুলিয়ো কৰিল কুউ্ কুউ্ 
বসন্তেৰ এই মেলাতে 
আনন্দেৰ এই খেলাতে
হাউসেৰ বন্ধু হইল মোৰ
পীৰিতিৰ দীৱানা!! 

দাদা ৰে দাদা
মুঁই চৈত বিষমাৰ মেলাত যাবাৰ চাং ------

শব্দাৰ্থ  :- বিষমা ---- বিহু,বাস্না -- সুগন্ধি,ৰঙীলা বন্ধুৱা --- ৰঙীন বন্ধু,কুশিপাতা -- কুঁহিপাত,হাউসেৰ বন্ধু --- হেঁপাহৰ বন্ধু ,পীৰিতিৰ দীৱানা --- প্ৰেমৰ  পাগল, দাদা --- ককাদেউতাক,চৈত বিষমা --- চ'ত মাহৰ শেষৰ দিন বা সংক্ৰান্তিৰ বিহু অৰ্থাৎ ব'হাগ বিহু।


✍️নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)