গৰু বিহুৰ তাৎপৰ্য- যদুমণি গগৈ

©Admin
0
অসমত পালন কৰা বহাগৰ সাত বিহুৰ প্ৰথম বিহু টোৱে গৰু বিহু । বিহুৰ উৰুকাৰ বাবে দীঘলতি, মাখিয়তী,মাহ হালধিৰে গৰু নোঁৱাই-ধোৱাই গাত মাৰিবলৈ জাতিলাউ, বৰবেঙেনা,বৰ থেকেৰা, হালধি, কেৰেলা, তিঁয়হ আদি বিচাৰি আনি যোগাৰ কৰে । গৰুক নতুন তৰা পঘা বা মৰাপাটৰ পঘা পিন্ধাবৰ বাবে আগতীয়াকৈ যোগাৰ কৰা হয় ।
         অসমৰ প্ৰায় বিলাক উৎসৱ কৃষি ভিত্তিক । কৃষক সমাজত গৰুক দেৱতা জ্ঞান কৰে । সেই বাবেই চ'তৰ সংক্ৰান্তি দিনা গৰু বিহু পালন কৰে। আগ দিনাই দেৰেচীয়া বাঁহৰ দুই, তিনিডালিয়া আৰু পাঁচডলীয়া চাট বনায় । সেই দিনা ৰাতিপুৱাই আগলি কলপাত লৈ ডলা বা চালনিত লাউ, বেঙেনা, কেৰেলা, থেকেৰা, হালধি চকল-চকল কৈ কাটি চাট চিলোৱা হয় । মাহ হালধি খুন্দি মিঠাতেল অলপ সানি গোহালিৰ প্ৰতিটো গৰুৰ কপালত ঘঁহি নোঁওৱা হয় । পিঠিৰ উপৰে নেজলৈ হাত ফুৰাই দিয়ে । দীঘলতি, মাখিয়তী পাতেৰে গোহালি ঘৰৰ ভিতৰত কোবাই মহ, ডাঁহ ,মাখি আদি আঁতৰাই গৰুৰ জুমলৈ খেদি লৈ যোৱা হয়।" দীঘলতি দীঘল পাত মাখিয়তী মাখি পাত মাখি মাৰো মহ মাৰো জাত জাত" বুলি কৈ গোহালিৰ মজিয়া সাৰি ওলাই আহে । গৰু বিলাক গোহালিৰ পৰা উলিয়াই পানী থকা নৈ, বিল, পুখুৰী, জলাশয়,পথাৰ আদি লৈ সুবিধা অনুসৰি খেদি নিয়া হয় । গৰু খেদি নিওঁতে গৰখীয়া সকলে গাই যাই " দীঘলতি দীঘল পাত গৰু হবি জাত জাত"। এজন জেষ্ঠ গৰখীয়াই গা ধোৱাবৰ সময়ত আশীৰ্বাদ দি "জয় ৰাম বোলা জয় হৰি বোলা" বুলি আটায়ে মুখেৰে হৰিধ্বনি দি লাহনীয়ে পানী ছটিয়াবলৈ ধৰে । গৰু গাত পানী ছটিয়া পাছতে চাটৰ পৰা লাউ, বেঙেনা, কেৰেলা, থেকেৰা, হালধিৰে এটা এটা কৈ উলিয়ায় গৰুৰ গালৈ মাৰি গাবলৈ ধৰে---লাউ খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু ত ই হবি বৰ গৰু "। নিজৰ নিজৰ গৰুৰ গালৈ মন্ত্ৰ ফাঁকি গাই গাই চাটৰ পৰা বস্তুবোৰ উলিয়ায় মাৰে । খিয়তী গাইক এছাৰি এডালত পুৰণি পঘা মেৰিয়াই ঠেঙৰ তলেদি পাৰ কৰি অন্য এঘৰৰ পঘাৰ লগত সলনি কৰা পৰম্পৰা আছে । তেনে কৰিলে সঁচৰ গৰু বেমাৰ- আজাৰ নহয় বুলি লোক বিশ্বাস আছে । প্ৰত্যেকেই চাটৰ পৰা আটাইবোৰ লাউ, বেঙেনা নামাৰি অলপ ৰাখে। চাটৰ শলা কেইদালৰ আগভাঙি কেৰামাৰি, ইজনে সিজনক চাট বদলা- বদলি কৰি ঘৰলৈ আনি গোহালি চালত খোঁচ মাৰি ৰাখে। তেনে কৰিলে বছৰটোৰ কাৰণে শত্ৰু নাশ হয়। গৰু খেদা মাখিয়তী, দীঘলতি বোৰ পথাৰৰ আলিত গোজ মাৰি থৈ আহে। একোদালকৈ গোহালিৰ চাটৰ লগত থয়। গধুলি লৈ গোহালিৰ গৰু বোৰক মা-হালধিৰে নোঁৱাই নতুন তৰা পঘাৰে বন্ধা হয়। চাকি জ্বলায় কেঁচা বৰপিঠা গৰুক খাবলৈ দিয়ে। মহ মাখি দূৰ হ'বলৈ গোহালিৰ মুখত আৰু ঘৰৰ সন্মুখত দীঘলতি, মাখিয়তী,জেতুলীপকা ডাল আদি ওপৰত খেৰ আৰু তুঁহ দি জুই জ্বলাই জাগ দিয়া হয়। বহু লোকে সিজু, বগৰী জেং, বিহলঙনী আদিৰে জাগ দিয়ে। 
         ইয়াৰ আগেয়ে গোহালি নতুন সৰুসুতা গামোচাৰে বিছা হয়। ইমানতে গৰু বিহু শেষ হয় যদিও পিছদিনা পুৱাই গৰুকেইটাক শুই আছে নে ঠিয় হৈ আছে চায় ।গৰু ঠিয় হৈ থাকিলে বছৰটো অপায়-অমঙ্গল কম হ'ব আৰু খেতি ভাল হব বুলি বিশ্বাস কৰে । বহুতে ঠিয় হৈ থাকিলে বানপানী হয় আৰু শুই থাকিলে বানপানী নহয় বুলি লোকবিশ্বাস আছে। সেইদিনা সন্ধিয়া গৰুক জাক দিয়া ফোটছাঁই মিঠাতেল সানি কপালত ফোট দি গৰু বিহু সামৰণি মাৰে । 
       গৰু বিহুৰ দিনা নাহৰ পাতত প্ৰভূ "মহাদেৱৰ মন্ত্ৰ" 
 "দেৱ দেৱ মহাদেৱ, নীলগ্ৰীব জটাধৰ ।
বাত বৃষ্টি হয়ং দেৱ , মহাদেৱ নমস্ততে ।।
       এই মন্ত্ৰ ফাঁকি নাহৰ পাতত লিখি ঘাই ঘৰকেইটা আৰু গোহালিৰ ঘৰৰ চালত গৃহস্থই খুঁচি থোৱা প্ৰৰ্থা অসমীয়া সমাজত আছে ।ঘৰ- দুৱাৰ ,বেৰৰ ওপৰত জেতুলী পকা ডাল,টিকনীবৰুৱা গৰু বিহুদিনাই আঁৰি থয় ।
             গৰু বিহুৰ দিনা গৰু গা-ধোৱাৰ পাছতে চাটৰ পৰা গৰু গাত মৰা হালধি ,লাউ, বেঙেনা, কেৰেলা, থেকেৰা বোৰ গাঁৱৰ বোৱাৰী-জীয়াৰী হঁতে বুটলি আনি আঞ্জা বনায় খায় । তেনে কৰিলে বেমাৰ-আজাৰ নহয় বুলি বিশ্বাস কৰে, আৰু সেই চাটৰ হালধি,ঔ-বীজ,মাহ হালধিৰে গা মূৰ ধোৱে । নতুন গামোচা , কাপোৰ পিন্ধি ঘৰৰ জ্যেষ্ঠ জনক সেৱা কৰে। জা-জলপান খায় । কোনোৱে জলপান খোৱাৰ আগতে আগন্তুক বছৰ টো শুভ অশুভ প্ৰমাণ চাবলৈ কণী যুঁজ খেলে ।আনৰ কণী ভাঙিব পাৰিলে বছৰ টো শুভ বুলি নিশ্চিত হয় ।
             জন বিশ্বাস মতে গৰু গাত লাগি উফৰি অহা লাউ, বেঙেনা শাকত দি খালে কোনেও কু-মন্ত্ৰ কৰিব নোৱাৰে ।অতি দুখৰ বিষয় যে -- আজিকালি চৰনীয়া পথাৰ আৰু অত্যাধিক যান্ত্ৰিকতা পৰিবেশৰ বাবে মানুহৰ ঘৰত গৰু নোপোহা হৈছে ।কালক্ৰমত এই পৰম্পৰা আৰু লোক বিশ্বাস কিমান দিন তিকিব সময় বাৰ্তা বাহক হ'ব ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)