উৰি আছিল এজাক সিমলু বালি
অকস্মাত জিন পৰি ৰ'ল
বালিচন্দা ৰাতি
উৎপ্ৰেক্ষা সময়ৰ ৰূপান্তৰেদি
পৰিবৰ্তনৰ গৱেষণাত
জলবায়ুৰ নীৰৱ স্বাক্ষৰ
আকাশৰ কক্ষচ্যুত
ৰুক্ষ বুকুৰ পৰা
সৰি পৰে মেঘৰ ফুল
সৰি পৰে গোটা গোটা বাখৰ
গাতে বা লগা অজান স্পৰ্শত
অমোঘ বসুন্ধৰাৰ দেহাঘাট
এজাক ৰ'দৰ বৰষুণ
চেনেহা চেনেহী বসন্ত বতৰা
সৌকুমাৰ্য্য মেদিনীত
নতুন আনন্দ সভা
কুলি কেতেকীৰ কণ্ঠত
সপ্তস্বৰৰ অদীন বন্যা
শিপিনীৰ ব বাতিত প্ৰেমৰ জোট
লিহিৰি আঙুলিৰ পাৱত নাচে
অমোঘ দামিনী অষ্টৰস
ফাগুনৰ নাঙঠ বিৰিখত সবুজ আশা
এয়া যে চ'তৰ প্ৰথম জাক বৰষুণৰ সদালাপ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ