আজিও অপেক্ষাকৃত মই- ৰুম্পী দাস

©Admin
0
ঘূৰণীয়া পৃথিৱীখনত 
আজিও জীয়াই আছোঁ বুলি ,
মই আজিও তোমাৰ লগত 
কথা-বতৰা পাতিবলৈ
বহু অপেক্ষা কৰোঁ ।
তোমাৰ ছবি পৰ্যবেক্ষণ কৰি
মই ক'ব বিচাৰোঁ ,
তুমি কেনে আছা!
তোমাৰ মন বজাৰৰ ধাৰণা 
সংক্ষেপে লিখিব ধৰিলোঁ ।
মোৰ জীৱনৰ তালিকাত ,
তোমাক সযতনে সন্নিবিষ্ট কৰিছিলোঁ ।
তোমাৰ বিষয়ে সহস্ৰাধিক জনাৰ
আগ্ৰহী প্ৰেয়সী মই ,
আজি মোৰ দুচকুত 
এজন হৰিণ তুমি ।
ব্ৰহ্মপুত্ৰ নৈৰ পাৰত 
সত্য বসবাস কৰা ,
মোৰ প্ৰিয় তুমি ।
কেতিয়াবা তোমাক 
সচাঁকৈ ধৰিব পাৰিলে ,
মোৰ মৰমীয়াল মোনাত 
ভৰাই লৈ আহিম ।
মোক খেদি নিদিবাচোন ...
বহু আশাৰে যাম বুলি ,
চিকাৰী ভাবি নামাৰিবা ;
হৃদয়ত বহু দুখৰ বসবাস হ'ব ।
কেৱল মই তোমাৰ হৃদয়ত থাকোঁ যেন ,
এয়াই কামনা কৰোঁ ।
কল্পনাবোৰ ভীৰু ,
দৌৰিব নোৱাৰিছে ...
এটা নিভাঁজ কোণত বহি আছে ।
তথাপি মৰমৰ ভিক্ষা খুজি ,
তোমাক আগৰ দৰে আমনি কৰাৰ
আজিকালি মন নাযায় ।
দূৰৰ পৰাই ভালপোৱাই ভাল ,
গভীৰ সতেজ থাকিব যেন লাগে ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)