ব'হাগী বৰণ -হেমেন হাজৰিকা

©Admin
0
বৰণীয়া ৰহণ সানি
যৌৱনমতী প্ৰকৃতি
মোহনীয়া হ'ল  ।

ৰহণীয়া কৃষ্টিৰ
বিপুল সম্ভাৰে
আমিও নিজকে সজোৱাৰ
এয়াই বতৰ কিজানি  ।

গছে পাতে
নতুনৰ আৱাহন
নানা ফুল
নানা পক্ষীৰ কলৰোল
সকলোৱে নিজকে
নতুনকৈ সজাই  ।

আমিও বহাগী বৰণ পিন্ধি
নতুন হও
নতুন সংকল্প লও
মলিয়ন বস্ত্ৰ সলাই
সংশোধন হও  ।।

        🔴হেমেন হাজৰিকা
    ৰাণী কামৰূপ ( ম ) অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)