নৱবৰ্ষৰ দুৱাৰডলিত -নৱজিৎ নাথ

©Admin
0
সময় পাখি লগা কাড় সদৃশ।
সময়ৰ গতি সদায় অনিৰুদ্ধ  ।।
প্ৰতিটো দিন ,মাহ ,বছৰৰে
সময়ৰ প্ৰতিটো পল অনুপলৰে 
 সময় বাগৰি বাগৰি আজি 
মানৱ সভ্যতাই বছৰৰ নামত 
পিন্ধিলে এযোৰ নতুন পোছাক।
 আকৌ ,সলনি হৈ গ'ল 
 কেলেণ্ডাৰ প্ৰতিটো পৃষ্ঠাবোৰ।।

বছৰটোৰ প্ৰতিটো সময়ৰ,
প্ৰতিটো দিন,মাহ আৰু বছৰৰ
প্ৰাপ্তিৰ আৰু অপ্ৰাপ্তিৰ অনাবিল 
আনন্দৰে সুখ আৰু দুখৰ 
প্ৰতিটো মধুৰ ক্ষণৰ স্মৃতিবোৰ।
উকা হৃদয়ৰ সেউজীয়া সেউজীয়া
সেই সোণোৱালী ৰঙৰ এখিলা পৃষ্ঠাত
 অনুভৱ টোপোলাত সদায় ৰাখিম ।।

যোৱাবেলি অসমত,
অসমৰ জি ডি পি সৰ্বাধিক হাৰে,
অসম গৌৰৱ নয়নমনি শইকীয়াৰ
খেলৰ শিতানত ব্ৰঞ্জৰ বঁটাৰ প্ৰাপ্তিৰে।
এশিঙীয়া গঁড় হত্যাৰ সংখ্যা শূণ্যৰে 
বিষাক্ত বিষাক্ত নিচাযুক্ত দ্ৰব্যৰ ধ্বংসৰে।
অসমৰ জনতাৰ মাজত বোৱাই আনিলে
 উন্নয়নৰ এক অষুত স্বপ্নৰ বতৰা।।

আনহাতে,যোবাবেলি অসমত 
প্ৰলয়কাৰী বানৰ বিভীষিকাৰে
 সমাজৰ মধ্যবিত্ত জীৱনৰ মাজত 
বিধ্বস্ত কৰি এক ধ্বংসমুখী ৰূপৰে
এক নতুন সৃষ্টিৰ অভিলেখ গঢ়িলে মাথোঁ ।।
 
 ✍️ নৱজিৎ নাথ।
ছিপাঝাৰ,দৰং ..

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)