বালিচৰত চেপি ৰখা বেদনা -- জুয়েল আহমেদ অনুবাদ ----ফাৰুক হুছেইন

©Admin
0
কেনেদৰে সলনি হৈ গ'ল সকলো!
সৌ ওপৰৰ আকাশৰ 
উৰন্ত মেঘৰ দৰে,
আৰু নৈৰ পানীৰ দৰে।
ঋতু সলনি হয়
নদীৰ পানীও সলনি হয়,
সময় সলনি হয়
আকাশৰ ৰঙো সলনি হয়, 
সলনি নহয় কেৱল মোৰ কপাল !

বুকুৰ ভিতৰখন আজিও 
চিৰিং-চিৰিং কৈ বাজে
চকু মুদিলেই দেখো সেই ভয়াবহ দৃশ্য,
ঘিট-মিট আন্ধাৰ ৰাতি
গাঁৱৰ মানুহৰ হুৱা-দুৱা
উত্তাল ব্ৰহ্মপুত্ৰৰ পাৰৰ 
গা শিয়ঁৰি উঠা চিৎকাৰ,
আৰু মনু বেপাৰীৰ কঢ়া হুচিয়াৰ----
"গাঁওবাসী, তোমালোকে নিজৰ নিজৰ ঘৰ সম্ভাল দিয়া।
তোমালোকৰ ঘৰ থাকলে তোমালোক থাকিবা ।"
দুচকু মুদি পগলা হাতীৰ দৰে আহিল
কাল বৈশাখী ধুমুহা।
তাৰ পিছত! 
তাৰ পিছত সকলো শেষ হৈ গ'ল।
ঘৰ গ'ল! বাৰী গ'ল।
বুকুৰ মাজত থকা পৰিয়াল প্ৰতিবেশী গ'ল। 
লগতে গাঁৱৰ সকলো নিঃশেষ হৈ গ'ল।

পাঁচ বছৰ আগত ভাঁহি ভাঁহি 
এই গহীন চৰত আহিছিলোঁ।
বালিৰ চৰত সকলো কষ্ট চেপি ৰাখিছোঁ।
ধুমুহা আহিলে এতিয়া আৰু পলাই নাযাওঁ।
মোৰ হেৰুৱা আত্মীয় বুলি সাৱটি ধৰোঁ।
এতিয়া নদীৰ পাৰেই মোৰ বসতি ,
মাছৰুকা চৰাই মোৰ হেৰুৱা
 আত্মীয়।

গভীৰ ৰাতি দুচকু  মেলি 
সেই ওপৰৰ আকাশলৈ চাই থাকোঁ
আজিও মাকে মোক চিঞৰি চিঞৰি কয়-----
"সোণজনী  সন্ধিয়া হ'লহি ঘৰত আহ !
ছোৱালী মানুহ ইমান বাহিৰত থাকিব নালাগে ।"
আৰু মই হাঁহি হাঁহি কৈছোঁ----
"কি যে কোৱা মা, এতিয়াই আহি আছোঁ । 
আৰু কেইটা মাত্ৰ ঢেকীয়া শাক তুলি আহি আছোঁ।"

আজি মা নাই ,
মোৰ সুখ নাই, শান্তি নাই।
কিন্তু মাৰ সেই কথা আজিও 
মনৰ মাজত গাঁথি ৰাখিছোঁ।
দিন সলনি হৈছে
কিন্তু আজিও মনৰ ঘাঁবোৰ শুকুৱা নাই।
মনটোক আজি কংক্ৰীটৰ মিশ্ৰণেৰে প্ৰলেপ দিছোঁ। 
কিন্তু মাজ ৰাতি চকুৰ পানীয়ে
কংক্ৰীটৰ প্ৰলেপ নামানে।
পৃথিৱীৰ সমস্ত কষ্ট 
বানপানীৰ দৰে ভাঁহি আহে,
আৰু মই এটুকুৰা কাঠৰ দৰে ভাঁহি যাওঁ 
এখন ঠাইৰ পৰা আন এখন ঠাইলৈ।
ভাঁহি যাওঁ, 
এখন ঠাইৰ পৰা আন এখন ঠাইলৈ। 
ভাঁহি যাওঁ.......
                     কবি -- জুয়েল আহমেদ
                      অনুবাদ ----ফাৰুক হুছেইন
     ভ্ৰাম্যভাষ- 8761894144

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)