তুমি আৰু মই -আব্দুল কাদেৰ মিঞা

©Admin
0
তুমি বিন্দু হ'লে
মই হ'ম সৰলৰেখা
তুমি সমুদ্ৰ হ'লে
মই হ'ম সমুদ্ৰৰ মণি
বৃক্ষ হ'লে তুমি 
মই হ'ম পৰ্ণপাতী অৰণ্য
তুমি যেতিয়া আবেগ হ'বা
তেতিয়া মই হ'ম তোমাৰ মন
বৰষুণৰ টোপাল হৈ তুমি যেতিয়া সৰিবা
মই বানপানী হৈ
মাতাল হৈ থাকিম।
তুমি প্ৰেম হ'লে
মই হ'ম তোমাৰ পগলা প্ৰেমিক
শ্ৰম তুমি দিলেও
প্ৰেমত নহও মই শ্ৰমিক।

✍️আব্দুল কাদেৰ মিঞা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)