সুখৰ মাজতে দুখৰ খবৰ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
প্ৰতিবাৰৰ দৰে এইবাৰো পিউৰ ঘৰত বিহুৰ আয়োজন চলিল। দুদিনমান আগৰ পৰাই এটা দুটাকৈ পিঠা পনা বনাবলৈ আৰম্ভ কৰিলে।গৰু বিহুৰ দিনা ৰাতিপুৱাই মাকৰ মাতত তাইৰ লগতে ঘৰৰ সকলো উঠি নিজৰ কামত লাগিল।গৰু গা ধুৱাই আগৰ পৰাই কৰি অহা নিয়মবোৰ কৰিলে।খুড়াক খুড়ীয়েকৰ লগতে সিহঁতৰ পৰিয়ালটোৱে একেলগে বিহু বুলি নিয়মবোৰ কৰি আছিল।কথাৰ মাজতে তাহাতৰ ভজুত থকা ঘৰৰ মানুহৰ পৰা ফোন আহিল।
---- " হেল্লো! ডাঙৰ খুড়ী। আমাৰ ককাইৰ গা ভাল নাই।"

----" অ কি হৈছে।গমেই নাপাওঁ নহয়। কোনেও ফোন কৰা নাই।"

----" কি হৈছে নাজানো।এ... অলপ আগত মেডিকেল নিছে। কথাটো কৈ দিওঁ বুলি ফোন কৰিলোঁ।"
           পিউৰ ককাকৰ তিনিজন ককায়েক ভায়েক আছিল।ডাঙৰ জন লাকুৱাতে থাকি আহিল,দুই নম্বৰ জন ভজুত থাকিল আৰু পিউৰ ককাক নাহৰকটীয়ালৈ গুছি আহিল।লাকুৱাত থকা সিহঁতৰ বংশৰ কাকোৱে এতিয়া চিনি নাপাই।ভজুত থকা পাঁচটা পৰিয়ালৰ লগতেই অহা যোৱা আছে।পিউৰ দেউতাক যেতিয়া ঢুকাইছিল তেতিয়া ভজুৰ পৰিয়ালৰ মানুহখিনি আহিছিল। তেনেকৈয়ে পিউহতে গম পাইছিল তাহাতৰ বংশৰ কথা। নাহৰকটীয়াত পিউহঁতৰ পৰিয়ালটো আৰু খুড়াকৰ পৰিয়ালটো আছে।
                কথা পাতি থাকোঁতেই আকৌ খবৰ আহিছিল সন্ধিয়া সময়ত।পিউৰ ককায়েক আৰু নাই। মেডিকেল নাপাঁওতে ককায়েক ঢুকালে।খবৰটোৱে সকলোকে দুখ দিলে। ৰাতিপুৱাৰে পৰা বিহু বুলি ইমান আনন্দৰে সময়বোৰ পাৰ কৰিছিল কিন্তু ককায়েকৰ মৃত্যুৰ খবৰটোৱে সকলো সলনি কৰি দিলে।সুখৰ মাজতে অহা দুখৰ খবৰটোৱে স্তব্ধতা আনিলে।

( সচাঁ কথাৰে)
     ✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)