পাহৰিব নোৱাৰা বিষাদৰ জুইকুৰা-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
আঁউসীৰ জোনাক নিশাত
মৌন হৈ নিঃস্তব্ধ সময়ত
আপোন কৰি লওঁ
কলীয়া ডাৱৰে আৱৰা আকাশখন ।
পদূলিমুখৰ গধূলিগোপালজুপি
বতাহৰ আগমনত নিজান ৰাতিও
সুগন্ধি বিয়পাই উন্মনা হৈ পৰে।
চাই ৰওঁ থৰ হৈ তোমাৰ
সৰু পজাঁটিলৈ
তোমাক অনুভৱ কৰি,
মূহুৰ্ততে পাহৰি তোমাৰ মৃত্যুৰ কথা
অজান দেশৰ অভিমানী হৈ পৰোঁ।
মায়াময় জীৱনত তুমি সাৰথি হৈ নাথাকিলা
আজীৱন তুমি চকুলোৰ কাৰণ হৈ ৰ’লা
সাগৰৰ ঢৌৱে উটুৱাই নিয়াৰ দৰে
নিমিষতে সকলো সুখ উৰুৱাই নিলে
তোমাৰ অসহায় মৃত্যুয়ে
প্ৰতিটো নিশাই তোমাৰ
 স্মৃতিয়ে আমনি কৰে দেউতা
উজাগৰী নিশাও ভাহি আহে তোমাৰ মৃত্যুৰ আগ মূহুৰ্তৰ কথা
পাহৰিব নোৱাৰা বিষাদৰ জুইকুৰা
আজিও উমি উমি জ্বলি আছে।

◾দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)