মৰহা হৃদয়ে এটি নতুন গীত গালে ।
বিষাদৰ চক্ৰবেহুত বন্দী এই হিয়াই গতি কৰিলে নীলিম আকাশৰ দিশে ,
নতুন সপোনৰ ঠিকনাত ।
যৌৱন সাগৰত ফুলিছে এটি প্ৰেমৰ কলি,
ইমান কলিতেই নিচিঙিবা চোন তুমি ,
কণমানি হৃদয়ে বৰ কষ্ট পাই জানা,
যেতিয়া তুমি নিদিয়া সহাঁৰি,
যোৱা আঁতৰি ।
জানানে, এই কণমানি হৃদয় বৰ অভিমানী
আগবাঢ়িব খোজে সাগৰ ভেদি ,
জিৰাব খোজে কেৱল তোমাৰ হৃদয়খনিত
সামৰি লৈ অভিমানৰ টোপোলাটি।
তুমি নুবুজিবা মোৰ ভগ্ন হৃদয়ৰ বেথা,
নুবুজিবা তুমি মোৰ মৌন ওঁঠৰ ভাষা,
তোমাক বুজাবলৈও যে মোৰ একো নাই !
কেৱল আছে মোৰ ভগ্ন হৃদয়ৰ দুটিমান ৰুগ্ন কথা।
সেইবাবেই কৈছোঁ তোমাক
থাকক দিয়া,
নালাগে বুজিব মোৰ ৰিক্ত হৃদয়ৰ ভাষা।
মোৰ এই ৰুগ্ন কথাৰে জ্বলাব নোৱাৰিম তোমাৰ হৃদয়ৰ শলিতা,
নোৱাৰিম গাঁঠিব তোমাৰ জীৱন মালিতা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ