লক্ষ্য আমাৰ প্ৰচাৰ মাধ্যমেৰে
কাৰোবাৰ জীৱন বচাবলৈ ৷
ভাল লাগে প্ৰকৃতিক জীয়াই
ৰাখিবলৈ ,
নিবিড় জীৱনত আবিৰ সানিবলৈ
লুপ্ত পৰিৱেশৰ গুপ্ত এন্ধাৰ আঁতৰাবলৈ ৷
থাকিলেও থাকক জন সমাজৰ
ব্যস্ততা ,
পৰ্বতৰ শিৰত যেন আমি
উপস্থিত হ’বগৈ লাগিব ৷
সকলো অভিনয়ৰ শেষ
এখন চলচিত্ৰ নহয় ,
অভিনয় কৰাজন মাথোঁ
অভিনেতাই নহয় ৷
লক্ষ্যৰ বিকাশত দক্ষতা ওপজে ,
ৰণকৌশল মাথোঁ সঁচা বাট দেখুৱাবলৈ ৷
◾ ৰজনী কুমাৰ ডেকা ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ