হৃদয়ত তুমি-শিল্পী দাস

©Admin
0
মোৰ অজানিতেই আজি
তুমি হৃদয়ত বন্দী হ'লা ।
মোৰ জীৱন বাটৰ
এটা অংশ হৈ গ'লা।
নাজানিছিলোঁ মায়া কি?
ভালপোৱা কি?
তুমি আহি শিকাই দিলা ।
আজি তোমাৰ মায়াত পৰিছোঁ,
তোমাৰ প্ৰেমত পৰিছোঁ;
কিন্তু কথা দিব নিবিচাৰোঁ।
কিয় জানো নুবুজা
অ মোৰ প্ৰিয়জন?
মইও তোমাক ভালপাওঁ
জীৱনত তোমাকেই কাষত চাওঁ,
কিন্তু মোৰ ইচ্ছাৰ
আছে জানো দাম।
মোৰ পৰশে নপৰে যেন
তোমাৰ জীৱনত দুখৰ ছাঁ,
সেয়াই মোৰ অপ্ৰাণ কামনা।

      ✍️ শিল্পী দাস
     ভালুকমাৰী ৰাণীপুখুৰী, নগাঁও
    চতুৰ্থ ষান্মাসিক(বাণিজ্য শাখা)
                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)