হৃদয়ৰ ভাষাৰে-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
এসপ্তাহ ধৰি পিউৰ গাটো ভাল নহয়। গাঁৱৰ মানুহৰ লগতে আন মানুহবোৰেও তাইৰ খবৰ লবলৈ আহিছে। বিহু দিনাৰ পৰা মূৰৰ বিষ, জ্বৰ কাঁহ আৰু হাত ভৰি কামুৰি ধৰিছিল।ভিতৰতে শুই থকা দেখি মাকহঁতেও গম পোৱা নাছিল।এফালে বংশৰ দাদাক এজন ঢুকোৱাৰ বাবে লঘোণ দি আছে।পিছদিনাই বেছি হোৱাৰ বাবে তাইক হস্পিটেললৈ লৈ গ'ল।বেজি চেলাইন দিয়াৰ পিছত ৰাতি অলপ ভাল পোৱা দেখি ঘৰলৈ লৈ গ'ল।ঘৰতো তাই তেনেকৈ শুই থাকিলে বেমাৰত। দেওবাৰৰ দিনাখন তাই ভাল পোৱা যেন অনুভৱ কৰিলে। সোমবাৰে ৰাতিপুৱা তাই ঠিকেই আছিল।কলেজত বিদায় সভা থকাৰ বাবে বায়েকৰ লগতে কলেজলৈ আহিল।বাছ ষ্টেচনত বায়েকক থৈ তাই কলেজলৈ গ'ল।কলেজত লাহে লাহে তাইৰ গাটো আকৌ বেয়া লাগিবলৈ আৰম্ভ কৰিলে। তাই লগৰ দুজনীক কথাটো ক'লে।
: মই যামগে গাটো বেয়া লাগিছে।
: মোৰ গাতে শুই দিয়াচোন।
:চাওঁ ৰিহাখন গাট মেৰিয়াই দিওঁ। তোমাৰ ঠাণ্ডা লাগিছে নেকি? গোটেই জাৰ গুটি ওলাইছে যে!
: নকৰিবা না। মোৰ ভাল লগা নাই।
: ভাল হ'ব নহয়।চকু ৰঙা হৈ গৈছে অ' ছোৱালীজনীৰ।

কিছুসময় পিছত তাইৰ নামটো কবিতা পাঠৰ বাবে ক'লে।তাই কবিতা পাঠ কৰিবলৈও গ'ল। কবিতা পাঠ কৰিয়েই তাই তাইৰ বিভাগৰ ৰূমলৈ গৈ শুই দিলে। কথাটো বিভাগৰ বাইদেউ এগৰাকীয়ে গম পাই ঘৰলৈ ফোন কৰিব ক'লে। তাই ঘৰলৈ কান্দি কান্দি ফোন কৰিলে।মাকহঁত অহাৰ লগে লগে তাইক বাইদেউ গৰাকীয়ে আগবঢ়ায় দিলে। হস্পিটেলত সেইদিনাও তাইক বেজি আৰু চেলাইন দি ৰাতিলৈ পঠিয়াই দিলে।ঘৰলৈ গ'ল হে হয় কিন্তু ৰাতিৰ পৰা আকৌ তাই জ্বৰ আৰু মূৰৰ বিষত থাকিব নোৱাৰা হ'ল। গোটেই ৰাতিৰ পৰা পিছদিনা সন্ধিয়া লৈকে তাই বিষত কান্দি কান্দি চিঞৰি থাকিল।তাইক চাবলৈ অহা কিছুমান মানুহে কৈছিল -
:তাই নোখোৱাৰ বাবে দুৰ্বল হৈ গৈছে।
:এহ নহয় তাই বেছিকৈ লেখা মেলা কৰি থাকে যে। কেইদিনমান এইবোৰ এৰি দিবা। ভাল হ'ব।
: তাইৰ চুলিকোচা বৰ ডাঠ আৰু দীঘল হৈছে আগতকৈ। চুলিকোচা চুটিকৈ কাটি দিব।
:কিবা বাহিৰা লাগিলে নেকি।চুৱাই মেলি চাওঁক নহ'লে।
কিন্তু চুৱাওতে একোৱেই নোলালে। উক্টৰৰ বেমাৰ বুলি ক'লে। সেইবুলি কোৱা দেখি তাইক হস্পিটেললৈ লৈ গ'ল। এটা চেলাইন দিয়াৰ পিছতো তাইৰ ভাল নোহোৱা দেখি তাইক ভৰ্তি কৰিলে।এটা দুটাকৈ টেষ্ট কৰিলে।তাইৰ আচলতে মাইগ্ৰেণ হৈছে। মাইগ্ৰেণ মূৰৰ বিষত আক্ৰান্ত এগৰাকী ৰোগী।মাইগ্ৰেণ এক প্ৰকাৰৰ মূৰত হোৱা বেদনা। সাধাৰণতে মূৰৰ এফালে হয় যদিও দুয়োফালে হোৱাও দেখা যায়। মূৰৰ বিষ থকা লোকসকলৰ, শব্দ, পোহৰ, গন্ধ, বায়ুৰ চাপৰ তাৰতম্য আৰু কিবা খোৱা যেনে চকলেট, আঙুৰৰ ৰস, পনিৰ ইত্যাদিৰ প্ৰভাৱত পুনৰ নতুনকৈ ভয়ঙ্কৰ মূৰৰ বিষ আৰম্ভ হ'ব পাৰে। মাইগ্ৰেণৰ লগত আৰু বহুকেইটা স্নায়বিক উপসৰ্গ জড়িত হৈ থাকে, যেনে কিছুমান শব্দ আৰু পোহৰৰ অনুভূতি। মাইগ্ৰেন কৰ্টিকেল স্প্ৰেডিং ডিপ্ৰেছনৰ এনিমেশ্বন।
মাইগ্ৰেণক একপ্ৰকাৰৰ নিউৰ'ভাস্কুলাৰ বিসংগতি বুলি গণ্য কৰা হয়।কাৰণ এই সমস্যা প্ৰথমে মস্তিষ্কত সৃষ্টি হয় আৰু লাহে লাহে ৰক্তবাহিকালৈ প্ৰৱাহিত হয়।
         এতিয়া আগতকৈ তাই সুস্থ হৈ হৈছে।এইকেইদিনত হস্পিটেলত থকা মানুহবোৰ আপোন হৈ পৰিছে। ডক্তৰেও তাইক ফুচকি জনী বুলি কয়।ওচৰৰ মানুহবোৰেও তাইক মৰম কৰে।

◾দিপশিখা ( অভিমানী পিউ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)