এক ঝলক খুশি -দেশী কবিতা ( অবিভক্ত গোৱালপাৰা জিলাৰ ভাষা)

©Admin
0
এক ঝলক খুশি
পাইবেৰ কাই আশা নাকৰে !
মুঁইয়ো কৰং ।
ফুলবৰেৰ গান আৰ কাণত আসি মধু না ঢালে
 কু-লখ্খী কাউৱা টা খালি কা কা কৰে
নিন্দ ভাঙাৰ আগতে ঘোৰ বিয়ানা 
আৰ বেলা ডুবতে না ডুবতে ঘোৰ সন্ধেত।
এক ঝলক খুশি পাইবেৰ মুঁইয়ো আশা কৰং 
মন্নেৰ তাৰা গুলে হাৰে গেইল আন্ধাৰি ৰাইতত !
যায়া বছৰ মোৰ মানশী টা হাৰে গেইল  
মদাৰু ড্ৰাইভাৰেৰ ভাঙা ট্ৰাকেৰ চেপাত পৰি !
মোৰ ফুলবৰেৰ এতো বৰো কলজে আছিল
চাঙেৰ তলত নয়া হাড়ীত দৈ পাতাইছিল
মনেৰ হাউসে খায়া খায়া মোৰ বুক ভৰছিল ।
গেন্দা ফুলেৰ বাস্নাত ঘৰটা মোক সাৱটে ধৰছিল!
নেলজ চোউখেৰ পানী খালী ধৰ ধৰ কৰি পৰে !!

কু-লখ্খী কাউৱা টা ফিৰ কেনে বা কা কা কৰে ?
মোৰ বেটা টা কলেজত গেছে এতো বৰো স্বপ্ন নিয়ে

কু-লখ্খী কাউৱা টা আৰ কাক খাইবেৰ চায় ??
এক ঝলক খুশি পাওৱাৰ বাদে
মোৰ মন টা সগাৰে ঠাঁইত দোৱা চায় !!!



কবি:-নাছিৰ আহমেদ, গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)