তাৰ বাবেই চিনাকি হৈছিলোঁ
তোমাৰ স'তে ৷
হঠাৎ কিনো এচাটি বতাহ বয় !
হৃদয়ৰ চাকিগচি নুমাও নুমাও হয় ৷
দুহাতেৰে বেঢ়ি ধৰিছিলো ,
তথাপিতো ৰাখিছিলো পোহৰ ৷
কাৰণ প্ৰতিটো নিশাই ৰচিছিলো
তোমাক লৈ মধুৰ কবিতা ,
আৰু গুঠিছিলোঁ এটি এটি
ৰঙীন আশাৰ ফুলৰ এডাল মালা ৷
কিনো মায়াবিনী তুমি ,
সুখৰ বেলিকাও দুখৰ ৰং সানা ,
দুটি নয়নেৰে বোৱা তপ্ত জল ৷
এন্ধাৰত সৰি পৰে এটি দুটি
শুভ্ৰ বকুল ফুল ,
প্ৰভাতি ৰ’দৰ দুৱৰি দলিচাত
আকৌ বৰ্ণব হাঁহিৰ পাতনি মেলা ৷
তুমি চিন্ময়, তুমি পৰিতুষ্টি ,
শিৰে শিৰে বৈ যায় তোমাৰ সৃষ্টি ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ