উৰ্মিমালাৰ কুঁহিপাত-ৰিতুপৰ্ণ শৰ্মা

©Admin
0
স্বপ্নৰ বিভোৰ আকাশখনলৈ
           উমি উমি চাই
 মকৰা জালৰ আঁত ভেদি
 ৰৈ আছো মাথো অনাকাঙ্খিত চিন্তাধাৰা
বোৱঁতী নদীৰ বেঁকা বেনীৰ অগ্নিগৰ্ভত 
নেজপতা থুৰীয়া নতুন নতুন কুঁহিপাত
ৰাজ‌‌‌:স্বনা এৰি হৃদয়ত শিহৰণ 
স্বপ্নৰ মায়াসনা বাসনাত
মেঘালয়ৰ বুকুত আশাৰ পানচৈ
হৃদয়ৰ বাগিচাত আঁকি থোৱা
অবুজ মনৰ শ্ৰীবৃদ্ধি 
অব্যক্ত বেদনা অবুজ মনৰ বৰ্বৰতাত
বিনন্দীয়া ধৰিত্ৰী দলিয়াইছে মানৱতাৰ অৰ্ঘ
সাঁচতীয়া নিভাঁজ জীৱনৰ ৰঙীণ তাঁতশাঁলত 
লিহিৰি বৰষুণজাঁকৰ বিয়নী মেল
নীলিমাৰ বুকুত অদৃশ্য সীমনাৰ স্ৰোতস্বিনী
মদৰোৱা পৃষ্ঠাৰ সুকোমল লেলিহান 
হেঙুল নিশাৰ দিক হেৰোৱা
শ্যমলিমাত মুকুতা সানিছে
তন্দ্ৰানু বিৰিণাৰ বতাহজাঁক
ৰঙীণ বাকৰিত প্ৰদক্ষিণ নিতম্বৰ বনুৱা
জীৱনৰ সৌকহৰ সন্ধান
ঢালিম প্ৰান সম্বনয়ৰ অঙ্কুৰণ


                   ✍️ ৰিতুপৰ্ণ শৰ্মা
                  চাৰ্ভে সমন্বয় পথ
                    ৯৭০৭০৭৫৮৪৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)