জাতিটো আপোন তাইৰ বাবে -সুশান্ত দাস

©Admin
0
“ ৰ লাগি কি চাই আছ, নগা টেঙা কেইটা আন গৈ যা। ”
ৰমলাই মাকে কোৱাৰ মাত্ৰকে দৌৰি টেঙা আনিব যাওঁতেই দুৱাৰদলিত থমকি ৰ’ল। তাইও নাজানে তাই কিয় থমকি ৰ’ল! তাইৰ মনটো যেন কিবা গোট মাৰি গ’ল কিছু সময়ৰ বাবে। সৌ গৰুবাটটোৰ চুকত আখৰা কৰি আছিল স্মৃতিহঁতে। বিহুৰ গোমগুমনি শুনি তাইৰ মনত ক্ষণস্থায়ী আনন্দৰ সঞ্চাৰ হ’ল। মাকৰ তৃতীয়টো চিঞৰত তাই আকৌ মনৰ স্থবিৰতা ভাঙি দৌৰি পাকঘৰৰ মাজত থিয় দিলেগৈ। কি নিব আছিল পাহৰিলেই... ক্ষন্তেক ভাবি থাকোঁতেই নগা টেঙাৰ টোপোলাটো দেখি মনত পৰিল। হাততে লৈ দৌৰ দিলে আগ চোতালৰ জলফাই জুপিৰ তললৈ, সখিয়তী চৰাই এজনীৰ দৰে মাকৰ ভাল বান্ধৱী ৰীমা বাইদেউ। তেওঁ এগৰাকী সমাজসেৱিকা। বিহু সমাগত.... সেইবুলিয়েই সখীৰ বাতৰি লওঁ বুলি তেওঁ ঢপলিয়াই আহিল। মাক আৰু আমৈৰ লগত টেঙা খাই তাই বিহুৰ গুণ গুণ শব্দ গণি আছিল আৰু চিন্তাবিভোৰ ভঙ্গিমাত বহি আছিল। ৰমলা ৰ’দে ধোৱা কলপাতৰ দৰে চিকুণ গাভৰু। কলেজৰ শিক্ষা তাই গ্ৰহণ কৰা শেষ হৈছে। প্ৰকৃতি তাইৰ আজন্ম প্ৰেম। তাইক আধুনিকতাই স্পৰ্শ কৰিব পৰা নাই এতিয়ালৈকে। বিহু কি তাই জানে , জাতিৰ কথাও জানে কিন্তু ইমান ডাঙৰ হোৱাৰ পাছতো বিহু নাচিবলৈ তাই এবাৰো যোৱা নাই। তাৰ কাৰণ তাই লাজৰ বশৱৰ্তী। লগৰীয়াই লগ ল’লেও তাই যাবলৈ সঙ্কোচ কৰে। বিভ্ৰান্তিৰ সৃষ্টি তাইৰ মনত হোৱা নাছিল কিন্তু তাই জাতিৰ প্ৰতি দায়বদ্ধ , স্থিতপ্ৰজ্ঞ। এইবাৰ কিবা বিশেষ তাইৰ লগত হ’বলৈ গৈ আছে! তাইক এইবাৰ ব’হাগে অদম্য শক্তি দিব।

     সেইদিনা সংক্ৰান্তিৰ আগদিনা তাইক মাকে কৈছিল- 
“ এইবাৰো ন কইনা হৈ ঘৰতে থাকিবি নে বিহুলৈ ওলাবি (?) ” 
      তাই নিশ্চুপ হৈ ৰ’ল। কথাটোৱে তাইৰ মনৰ ভাঁজে ভাঁজে প্ৰশ্নোদয় কৰিলে। বিহু কি তাইৰ বাবে নহয় নেকি (?) বিহুৰ আন্তৰিক মাদকতা তাইৰ মনত কিয় নালাগে প্ৰতিবছৰে। এইবাৰ তাই সাজু হ’ল মনৰ মাজৰ পৰা লাজৰ পোক বাহিৰ কৰিবলৈ। তাই মাকক এটি সৰু ইংগিত দিলে আৰু বাহিৰৰ তামোল গছৰ বেঞ্চ খনত দৌৰি বহিলগৈ। ৰ’দৰ প্ৰক্ষিপ্ত ৰশ্মিৰ প্ৰভাৱত গাঁৱৰ পথবোৰ কঠিন শিল যেন হৈ ধূলিৰ তৰপ সৃষ্টি কৰিছে আৰু মৃদু পৱনৰ ছন্দত ধূলিয়ে নৃত্য কৰিছে। ৰমলাৰ চকুযুৰিয়ে ৰ লাগি সূক্ষ্মবিশ্লেষণ কৰিব লাগিছে। তাই মনত অভ্যুদয় হ’ল এটি বিশেষ প্ৰশ্ন। হঠাতে মাকৰ চিঞৰটো শুনি তাই ভিতৰলৈ গ’ল। মাকে কৈছে – “ এইবাৰ স্মৃতিহঁতৰ লগত তইও নাচিবি, হ’ব নে ? যি কি নহওঁক তোৰ ভৰ যৌৱন কালছোৱা তই আনন্দ কৰিব লাগিব। বিহুৰ পুৰণিকলীয়া নিয়ম আৰু ইয়াৰ নাচৰ কথা তইটো জান’ এই... মই সিহঁতক কৈ দিম তোৰ কথা। ” তাই কথাটো শুনি কি কৰিব ভাবিকে পোৱা নাই। কিবা এটা ভাবিব লওঁতেই তাইৰ মনৰ দলংখন লৰিব ধৰিলে। তাই মূৰ জোকাৰি সন্মতি দিলে নে নাযাওঁ বুলি ক’লে মাকে ধৰিবই নোৱাৰিলে। 
– “ মা, এইবাৰ মোক নামাতিবি দেই, মই অলপ শান্তিৰে জিৰাওগৈ বাহিৰত।” এইবুলি তাই আকৌ তাতে বহিলগৈ। তাই ভাবিব ধৰিছিল এইবাৰ মই বিহু নাচিব পাৰিম জানো ! একোৱেই নাজানো। নোৱাৰিলে হাঁহিৰ পাত্ৰ হ’ম। নাই এইবাৰ নাগাওঁ। মাকক তাই বুকু ডাঠ কৰি কথাটো ক’বলৈ আহিল। মাকে একো উত্তৰ নিদিলে। তাই হ’লেও নানাচে। জাতিৰ উন্নতি কথা তাই ভাবে। জাতিৰ কথা বেয়াকৈ শুনিব তাই একেবাৰে নিবিচাৰে। ঐক্য বজাই ৰাখিবলৈ অসমীয়াই মনে–প্ৰাণে চেষ্টা কৰিছে আদিমতাৰ যুগান্তৰৰ পৰা। অসমৰ সাম্প্ৰতিক দৃষ্টিত তাই মনৰ মাজত বিহুৰ স্বকীয়তা বজাই ৰাখিবলৈ সক্ষম হোৱা বুলি তাই ভাবিছিল কাৰণ তাইক আধুনিকতাই চুব পৰা নাই। দেউতাক-মাকৰ লগতে গাঁৱৰ মিলা–প্ৰীতিৰে তাই লালিত আছিল। মনৰ সকলো চিন্তাই তাইক একত্ৰিত হৈ কৈছিল যে মই এইবাৰ বিহুৰ মাজত নিজকে হেৰুৱাই আপোন পাহৰা জনী হৈ পৰিম। বালিমাহীৰ দৰে মই বালিৰ গাতে লাগি সপোনৰ বালিঘৰ সাজিম। সৃষ্টিৰ নিয়ম বসন্তৰ নিবিড় ধুমুহাত মই(ৰমলাই) মোক উৰুৱাই নিম অসীম সীমনালৈ। তাইৰ এনে ভাবৰ বুৰবুৰণি হৈ থাকোঁতেই তাইৰ হিতাকাংক্ষী ভগ্নী আৰু তাইৰ ভাল বান্ধৱী ভাগীৰথীয়ে নঙলামুখৰ পৰা মাত লগালে। 
– “ অই চেনেহী, ব’ল এইবাৰ বিহু নাচিব যাওঁ। এইবাৰ তোক নিহে এৰিম বিহুতলী ” 
– “বেলেগ কথা আছে নহয় ছোৱালী, মই হ’লে এইবোৰত নাই। ” 

   বিমল প্ৰাণৰ বন্ধুত্বৰ পৰিচয় দুয়োৰে। সম্প্ৰীতিৰ এনাজৰী সিহঁতৰ মাজত সদায়ে আছিল। তাইৰ কথা শুনিও তাইৰ মনত আকৌ হৈয়াঙে–দৈয়াঙে কিবা কিবি বাঢ়নী পানীৰ সোঁতৰ দৰে বৈ আহিল। এইবাৰ বিহু তাইৰ বাবে বিশেষ নেকি (?) তাইৰ মনৰ নিভৃততম কোণত খলকনিৰ সৃষ্টি কৰি কথা–বতৰা পাতি ভাগীৰথী গুচি গ’ল ঘৰলৈ। আবেলি গৰুবাটৰ গৰুধূলি কোবাই দেউতাক পৰিমল গৰু খেদি খেদি ঘৰৰ আগ পালেহি। এই যে আবেলিবোৰ, ইয়াৰো কিবা কাহিনী আছে , সেইয়া লাগে গৰখীয়াৰ গৰুধূলিতেই হওঁক অথবা অস্ত যোৱা বেলিৰ হেঙুলীয়া আভাতেই হওঁক। তাই দেউতাকক চাহ বাতি দিলেহি। কাঁহৰ বাতিটো আগবঢ়াই তাই যাব লওঁতেই দেউতাকে ওচৰতে বহাই ক’লে..
– মাজনী, এইবাৰ বিহু নাচিবি আই ! তোক এবাৰ নাচি থকা দেখিবৰ মন মই সৰুৰে পৰা ৰাখিছিলোঁ। দেউতাৰৰ আশাটো পূৰণ কৰিবি পাৰিলে...।” আচলতে অদৃষ্টৰো এইবাৰ ইচ্ছা তাইক বিহু নচা দেখাৰ। ৰাতিৰ গভীৰতাৰ সুবিধা লৈ তাই মনটোক সান্ত্বনা দিবলৈ খিৰিকীৰ আঁৰেদি যামিনীত বুকুৰ সোণ শশাঙ্কক চাবলৈ ধৰিলে। ইফালে গাঁৱৰে এটা কোণত সকলো ডেকা–গাভৰুৰ সন্মিলিত হুঁচৰিৰ শব্দই তাইক বিহু নাচৰ বাবে উন্মাদ কৰি তুলিছিল। তাই কিছু পৰ ভাবি থিৰাং নকৰাকৈয়ে শুই পৰিল, কিয়নো তাইক কিহবাই বাধা দিছিল কিন্তু তাই ধৰিব পৰা নাছিল।... ৰাতিবোৰ ভাবিলে বৰ দীঘল হয়, কাইলৈ কি হ’ব তাৰ জাননী এখন ভাবি ভাবি অৰ্থাৎ কাইলৈ দিনটোৰ অভিব্যক্তি কেনে হ’ব , তাকে তাই বিছনাত মৰণা মাৰি ঔৎচুক্যভাৱ প্ৰকাশ কৰিছিল। মনৰ সকলো চিন্তা তাই এচুকত থৈ শুবলৈ চেষ্টা কৰিছে। জোনাক সনা নিশা তাই অবিঘ্নিত চিন্তাৰ আঁত ধৰি মনক প্ৰশান্তি প্ৰদান কৰিব পৰা নাই। বিহুৰ ঢোলৰ গুম গুমনি নাইকীয়া হৈ আহিল। সেইয়া প্ৰতীকী আছিল যে বৰ্তমানে বাৰ বাজিছে। তাই যেনে তেনে চকু জপাই শুব চেষ্টা কৰিলে কাৰণ পিতাইৰ গালি শুনাত তাইৰ কোনো আকাংক্ষা নাই। ৰাতি গলি আহিল। পুৱাৰ ভাগৰ খবৰ ডাউকৰ মাতেৰে গম পায়। বৰ্তমান তাই শান্ত হৈ শুইছে, ৰাতিপুৱাৰ আশা-প্ৰত্যাশাৰ চিন্তা কৰি।....

    – “ ৰমলা আই, উঠ দেউতাৰে গৰু কেইটা লৈ যায় মাত এটা দি থৈ আহগৈ যা ”  
- “ পিতাই ওলালেই নি !.. আঠ বজাই নাই দেখোন, মোৰ আজি শুব মন গৈছে ইমান, পিতাই যে আৰু..”

মনোময় বিহঙ্গজনী তাই উঠি পিতাইক দেখা দিলে। খুৰাক ৰমাকান্ত তেওঁৰ ল’ৰাদুটি লৈ গৰু গা ধোৱাব যাবলৈ আহিছে। তাই “ যা তহঁত ” বুলি কৈ বিদায় দিলে। পুৱাই মাকে মাহ–হালধি পিছি তৈয়াৰ কৰিলে বিহুৰ প্ৰথম দিনৰ বিশেষ বস্তু। 

     স্মৃতিহঁতক তাই এই দুই তিনিদিন ধৰি লগ পোৱা নাই। ভাগীৰথী দৌৰি–ঢাপৰি চাতৰ বস্তু নিবলৈ আহিল লগতে লৈ আহিল ব’হাগ পুৱাৰ নবীন বাতৰি।  
– “ আমৈটি, কি কৰিছে, মই হলে বিহু খাব আহিলো দেই। ” 
– “ চাতৰ বস্তু অহাই নাই ঘৰ , গৈছেহে অলপ আগত অ মাজনী। ”

  তাই এনেদৰে ধেমালি কৰোঁতেই ৰমলা বসন্তৰ প্ৰথম পুৱাৰ ৰ’দালি লৈ দৌৰি আহি তাইক বিহুৰ শুভেচ্ছা জনালে। তাৰ পৰা ভাগীৰথীয়ে তাইক দেখি হঠাতে দিবলৈ অহা খবৰটো কৈ উঠিল।

– “ আমৈ, আমাৰ গাঁৱৰ হুঁচৰি দলটো যে, এই পাঁচ দিন মানৰ পৰা আমাৰ গাঁৱৰ ডেকা–ডেকেৰীয়ে আখৰা কৰি আছিল, সিহঁতে আজি গৰু বিহুৰ দিনা হুঁচৰিৰ শুভাৰম্ভণি কৰিব আমাৰ গাঁৱৰ একতাৰ মঞ্চ সদৃশ চলপত্ৰ জোপাৰ তলত। গাঁৱৰ সকলোকে মাতিছে। আহিব আপুনিও আৰু তইও..। ” 

বিহুৰ উমাল খবৰটো দিয়েই তাই ঘৰলৈ ঢাপলি মেলিলে। আন্তৰিক শুভেচ্ছাৰ কথা তাই সহজতেই লৈছিল কিন্তু বিহু নচাৰ কথাই তাইক খুলি খুলি খাইছিল আৰু এতিয়া দেখোন তাইক মাকে বা দেউতাকে নাচিব দিব বুলি লাজতে কোঠাৰ কাষত খিৰিকী খনৰ মুখত বহিলে গৈ। নাৰী নদীৰ দৰে, নাৰী লাস্যময়ী। নাৰী ৰূপালীগন্ধা। তাই নাৰী লাজ কুঁৱৰী। লাজৰ বশৱৰ্তী হৈয়েই তাই নাচিব লাজ কৰিছে। তাই কিন্তু সেইটো থিৰাং কৰিব নোৱাৰি এটা সৰু ভাষণ তৈয়াৰ কৰিলে নঙলাৰ ফাললৈ চাই চাই, সেই গৰুধূলিৰ ক্ষুদ্ৰ চাকনৈয়া চাই চাই। 


      গাঁওবোৰৰ এটা এটা বিশেষ কাহিনী থাকে ! ব্যস্ততাৰ আঁৰৰ ব্যস্ততা... আৰু অনেক অনাখৰী চিন্তা। তাইৰ বাবে সকলো বিশেষ। নদীৰ পাৰত গৰু গা ধুওৱাৰ ইতিহাসত অসমৰ অসমীয়াৰ বাপতিসাহোন বিহুৰ সংস্কৃত সমন্বয় অটুট হৈ আছে। অসমীয়াৰ কিবা এটা বিশেষ মাদকতা, এটা সুকীয়া উৎসৱমুখৰ অভিব্যক্তি আৰু একাকীকত্বৰ নিদৰ্শন পোৱা যায় যুগৰ সাক্ষী বিহুত.. গাঁৱৰ ডায়েৰীৰ এনেবোৰ কাহিনী ইতিহাস ধৰি ৰাখিছে। ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা এই ভূ-খণ্ডত বিভিন্ন নৃগোষ্ঠীয় লোকে তেঁওলোকৰ উৎসৱ-অনুষ্ঠানসমূহ পালন কৰি আহিলেও সাম্প্রতিক সময়ত জাতি, বর্ণ, ধর্ম নির্বিশেষে অসমৰ মানুহে জাতীয় উৎসৱ বুলি আদৰি লোৱা উৎসৱটিয়েই হ’ল বিহু। স্বাভাৱিকতেই গো-বলয়ৰ আর্যীকৰণ তত্ত্বক নস্যাৎ কৰি অসমীয়া জাতি-সত্বাক পৃথকভাৱে গঢ়ি তোলাৰ ক্ষেত্রত সবাতোকৈ বৃহৎ অৱদান ৰখা উৎসৱটিয়েই হ’ল- বিহু- অসমৰ জাতীয় উৎসৱ। বিহু কেৱল মাত্ৰ অসমীয়াৰ জাতীয় উৎসৱেই নহয়,বিহু অসমৰ লোক-সংস্কৃতিৰ এক অন্যতম নিদৰ্শন। বিহুতেই অসমীয়া সমাজ জীৱনৰ সকলো দিশ সোমাই আছে। কৌটিকালৰে পৰাই বিহু অসমত উদযাপিত হৈ আহিছে আৰু অসমীয়া জাতিৰ শেষ বিন্দুলৈকেও বিহু উদযাপিত হৈ যাব। বিহুৰ লগত জড়িত ৰীতি-নীতিবোৰে অসমীয়া গ্ৰাম্য জীৱনৰ লগতে কৃষিৰ লগত জড়িত লোকাচাৰৰ সকলো দিশ প্ৰতিফলিত কৰে।

        ৰাতিবোৰ নামি আহিল ধীৰ গতিৰে। গাঁৱৰ মানুহবোৰ হাতীপটী তাৰকা ৰাজ্যৰ থূপৰ দৰে একীকৃত হৈ চলপত্রৰ তলীত। তাইও স–পৰিয়ালে ঘৰৰ পদূলি এৰি ভাগীৰথীৰ ঘৰ মুখ পাই একত্ৰিত হৈ বিহু প্ৰথম দিন গৰুবিহুৰ অগ্ৰিম হুঁচৰি জাক চাবলৈ অধীৰ আগ্ৰহেৰে আগবাঢ়ি গ’ল কিন্তু ৰমলাৰ মনত স্বল্প ভীতি। 
     

  “ গৰু বিহুৰ হুঁচৰি
       আহিছোঁ চোঁচৰি.... ”
আৰম্ভণি হওঁতে সিহঁত পালেগৈ। মন ভৰাই বিহুৰ সেই প্ৰথম হুঁচৰি জাকৰ আনন্দ সকলোৱে চন্দ্ৰময় নিশাৰ মাজৰ এপাহি কপৌফুলৰ দৰে বহি চাব ধৰিলে। অলপ পৰৰ পাছত হুঁচৰি শেষ হ'ল। সকলো গাঁৱৰ লোকে নাচিবলৈ আগবাঢ়ি গ’ল আৰু সেই সময়তেই এটা কোনেও কল্পনা নকৰা , এটা প্ৰথমেই চক্ষুৰে দেখি অবিশ্বাস্য বুলি ভবা ঘটনা ঘটিল ! সেই গৰু বিহুৰ হুঁচৰি জাকত ৰমলাও জাপ দি উঠিল,, নাজানে তাই কিহৰ আৱৰ্তত আহি তাত সোমাই টমন ভৰি নাচিব লাগিছিল ! এইয়া আছিল তাইৰ মনৰ মাজত লুকাই থকা অসমীয়াৰ অতীৱ শকতি। বিহুত এনে কিছু শক্তি আছে আমাৰ অসমীয়াৰ খাৰে ধোৱা তেজৰ মাজত ; যুগে ধোৱা ইতিহাসৰ পাতত। তাইৰ মাক, দেউতাক সহিতে ভাগীৰথীয়েও প্ৰথমতে থত মত খালে। তাৰ পৰা তাইৰ মনৰ মাজত লুকাই থকা নাচনী জনী সিহঁতে মন ভৰি চালে। পিতাকৰ এটা পুৰণি আশা পূৰ্ণ হল। 

গাঁওবোৰত সেইবাবে ইমান উমঘাম লাগি থাকে প্ৰতি ক্ষণতে, বিহুৰ আৰম্ভণিৰ পৰা সাত বিহুৰ হুঁচৰি চোৱালৈকে... গাঁওবোৰ এনেয়ে ইমান বিশেষ নহয়, কাহিনী আছে, প্ৰবাদ আছে। বিহুৰ উৎপত্তি গাঁৱতেই, গাৱেই ধৰি ৰাখিছে। যন্ত্ৰৱৎ অৱস্থাই গাঁৱৰ নিভাঁজ মনৰ কোণত সোমাই থকা বিহুৰ শৈল্পিক আৰু স্বকীয় বৈশিষ্ট্য হানি কৰিব নোৱাৰে। যৌৱনমতী ৰমলাইনো কি জানে, আবেলিৰ গৰু ধূলিৰ মাজৰ গৰখীয়াৰ বিষাদৰ কথা ! নিশ্চুপে শুনি থাকিছিল বিহুৰ আঁৰৰ সপোনৰ কথা। গাঁওবোৰ এনেয়ে নহয়, কাহিনী ধৰি ৰাখে অন্তৰৰ... ৰমলাৰ লাজ ভাঙিল যেনে–তেনে। ৰমলাৰ নিজ জাতিৰ প্ৰতি দায়বদ্ধতা আৰু জাতিৰ প্ৰতি থকা আন্তৰিকতাই তাইক নাচিবলৈ শিকালে। জাতিটো আপোন তাইৰ বাবে। জাতিৰ শিপাই শিপাই প্ৰৱাহিত হয় কাহিনী একতাৰ। বিহু জাতীয় জীৱনৰ আয়ুস ৰেখা। আজি তাইৰ বিশেষ ৰাতিটো শান্তিৰে পাৰ হল। সত্যবোৰ চিৰ যুগমীয়া কীৰ্তি‌ , যুগৰ দস্তাবেজে নস্যাৎ কৰিব নোৱাৰা তন্ময় চৰাই....


এইবাৰ হুঁচৰিৰ দলত ৰমলা ও ওলাল। বৰ বিহুৱতীৰ সকলো গুণ-দ্ৰাঘিমা তাইৰ দেহৰ ভাজত। অসমীয়াৰ এইয়া অতীজৰ সংস্কৃত ছান্দসিক সমন্বয়। জাতি মাটি ভেটিৰ স্বাৰ্থত তাই অগ্ৰগামী... গাঁৱৰ স্বকীয় পৰিচয় তাই ধৰি ৰাখিছে, আধুনিকতাৰ কবলৰ পৰা। এইয়া তাইৰেই নহয়, সকলোৰে একাত্ম গৌৰৱ। এইয়া গৌৰৱ জ্ঞান আৰু আত্মসংযম আৰু আত্মদানেৰে গঢ়া; নজহা–নপমা....।। 

✍️সুশান্ত দাস, শিৱসাগৰ।
যোগাযোগ: ৯১২৭২৪৭৫১৯

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)