নতুবা নিজান নৈৰ বুকুত
কেতিয়াবা
বাটৰ ধূলিত
মোৰ মনটোৱে মাজে মাজে খোজ কাঢ়ে
সপোনৰ শিপা বিচাৰি
মানুহৰ সতে মনটোৱে
প্ৰায় সপোনৰ কথা পাতে
প্ৰতিশ্ৰুতিৰ সমাৰ্থক মৰিচিকা
সি লাহে ধীৰে বুজে
হাঁহিৰ সাজযোৰ সোলোকাই সি পিন্ধে
মৃত্যুৰ হিম চেঁচা সাজ
হিয়াৰ কঁপনিক শিল যেন কৰি
ই সাৰে থাকে অজান দেশত
সপোনৰ ঠিকনা বিচাৰি
এই মনটোৱে
মাজে মাজে
মনে মনে ভিৰৰ মাজত হেৰাই যায়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ