বিহুগীতত অসমৰ প্ৰকৃতি -ৰিম্পী বৰা

©Admin
0
"জান ঐ 
নাহৰ ফুল ফুলিবৰ বতৰ,
নাহৰ ফুলৰ গন্ধে পাই 
আমাৰ গাত ততে নাই
ঐ গচকত ভাঙি যাঁও যঁতৰ" ।
    প্ৰকৃতিৰ লগত মানৱ হৃদয়ৰ সম্পৰ্ক যিদৰে অভিন্ন সেইদৰে বসন্তৰ লগত যৌৱনৰ সম্পৰ্ক‌ও অবিচ্ছেদ্য। জীৱনৰ লগত প্ৰকৃতিৰ আৰু যৌৱনৰ লগত বসন্তৰ সম্পৰ্ক‌ৰ প্ৰকাশ বিশ্বসাহিত্যৰ চিৰন্তন কথা । অতীতৰ পৰা বৰ্তমানলৈকে কোনো জন লিখকৰ লিখনিয়েই প্ৰকৃতিক উপেক্ষা কৰি চলা নাই।বিহুগীতৰ কথা সুকীয়াই ,বিহু গীত বুলিলেই বসন্তৰ গীত । বসন্তৰ অনুপম সম্পদ নাহৰ ফুল নুফুলাকৈ  অসমীয়া ডেকা গাভৰুৰ গাত যেন বিহু নালাগে।
  "ন পানী পৰা নাই 
নাহৰ ফুল ফুলা নাই
বিহু বিহু লগা নাই গাত"
         ভেবেলীলতা ফুলিলেই 
যেন বিহুৰ কথা মনত পৰে-
 "চʼতে গ‌ই গ‌ই বহাগে পালেহি ফুলিলে ভেবেলী লতা
কৈনো কৈ থাকিলে ওৰকে নপৰে বহাগৰ বিহুৰে কথা"্
     অসম প্ৰাকৃতিক সৌন্দৰ্যৰ ৰাণী। শিৰত হিমালয়ৰ অক্ষয় কিৰীতি,বুকুত লুইতৰ হেমহাৰ আৰু সেউজীয়া পথাৰ,শ্যামল পৰ্বত মালাৰে ই এক বিধাতাৰ অপূৰ্ব সৃষ্টি। সকলো ঋতুতে অসমৰ প্ৰকৃতি সুষমা হ'লেও বসন্তৰ অসম আটাইতকৈ মনোৰম । কাৰণ এই সময়ত ছয় ঋতু এক হয়।এই সময়ত গছ গছনি,চৰাই চিৰিকতিৰো আনন্দৰ সীমা নোহোৱা হয়।
"বিহুৱা চৰাইয়ে কৰে বিহু বিহু
 বিৰীণাৰ নলা যেন পাত।
 গছ লতাইয়ে হালিছে জালিছে        ধৰে সেউজীয়া পাত"।
              লগে লগে গছ লতাও হৈ পৰে ফুলে ফলে জাতিষ্কাৰ-
 "বকুল বন্দুলি    আছে ফুলি ফুলি
  ফুলিছে মাধৈ মালতী।
সেইদৰে ই ডেকা গাভৰু হ'তেও মনক ধৰি ৰাখিব নোৱাৰি প্ৰতিঘৰৰ চোতালত হৰিধ্বনি দিয়ে-
  "দেউতাৰ পদূলীত গোন্ধাইছে       মালতি
   কেতেকী মলে মলাই ঐ 
    গোবিন্দাই ৰাম"।
প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰকাশৰ বাবে গছৰ পাত খিলাক লৈও গাভৰু হʼতে যোজনা ৰচে-
 "বেঙেনা ঢপলা পাতে সমনীয়া বেঙেনা ঢপলা পাত
বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক"।
  
সেইদৰে হাবিৰ লতা বোৰকো বিহুগীতত স্থান দিছে-
  "হাবিলৈ গৈছিলো কটাৰি নিনিলো
  লতাই বেৰি বেৰি ধৰে
   বিহুলৈ গৈছিলো হাঁচতি নিনিলো
  লগৰীয়াই বেৰি বেৰি ধৰে।"
সেইদৰে ,
চকলা টেঙাটি অকলে নাখাবা,বকুল বৰা ধানৰ চিৰা খুন্দিছিলো আদি বিভিন্ন ধৰণৰ যোজনা ,বিহুগীত অসমৰ প্ৰকৃতিক লৈ ৰচনা হৈ আছে।
    অসমৰ অন্যতম বৃত্তি কৃষিক কেন্দ্ৰ কৰিও বহুতো বিহুগীত ,যোজনা ৰচনা হৈছে।অসমৰ প্ৰধান নদী মহাবাহু লুইত আৰু তাৰ নদী উপনদী সমূহকো বিহুগীতত স্থান দিবলৈ পাহৰা নাই। সচৰাচৰ মহাবাহু ক লৈ শুনি থকা এটা বিহুগীত-
  'ব্ৰহ্মপুত্ৰ পাৰৰে বৰ গছ এজুপি
   আমি বিহু মৰা ঠাই।
      উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা 
         তামোল দি মাতোতা নাই'- এই গীতটিত প্ৰতিজন অসমীয়া মানুহৰ মনত যি লুইতপৰীয়া কৃষ্টিত লুইতক দেৱতাস্বৰূপে মানি চলা চিত্ৰ প্ৰকাশ ঘটিছে।
  লুইতৰ লগতে সোৱণশিৰি ভেটিলে কিহে,দিখৌ নৈ এৰিব নোৱাৰো,দিহিঙে এৰিলে দিহীঙৰ এৰাসূঁতি - আদি গীত সমূহত নদীৰ শীতলী কোলাত অসমীয়া ডেকা গাভৰুৰ অগাধ ভালপোৱা প্ৰকাশ ঘটিছে।
            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)