অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ বৈশিষ্ট্য অক্ষুণ্ণ আছে নে,এটি সমীক্ষা ০২- নাছিৰ আহমেদ

©Admin
0
চ'ত- ব'হাগৰ দোমাহিতে ধৰি সাত দিন বিহু পালন কৰাতো পৰম্পৰাগত ৰীতি। সেই মতে গৰু বিহু দিনাখনৰ মুখ্য কাৰ্য গৰুৰ প্ৰতিপালন ,আদৰ আপ্যায়ন গৰুক গা-পা ধুৱাই " লাউ খা , বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু ,বাপেৰ সৰু তই
হবি বৰ গৰু " ।  মানুহ বিহুৰ দিনা বিহুৰ সেৱা,বংশ-পৰিয়ালৰ জ্যেষ্ঠ জনক কনিষ্ঠ জনে সেৱা জনোৱা,ডাঙৰে সৰুক মৰম কৰা ,প্ৰেমিক-প্ৰেমিকা, পতি-পত্নীৰ উপহাৰ আদান-প্ৰদান। কুটুম বিহুৰ দিনাখন জীয়েক মাকৰ ঘৰলৈ যোৱা তথা জোঁৱায়েকে পত্নী সমন্বিতে শহুৰৰ ঘৰলৈ গৈ শহুৰ- শাহুয়েকক বিহু সেৱা জনায়,খুলশালীয়েকক বিহুৱান উপহাৰ দিয়ে।
হাট বিহুৰ দিনাখন বন্ধু-বান্ধৱ,ওচৰ চুবুৰীয়া, চিনাকী কিম্বা ন চিনাকীৰ ঘৰলৈ গৈ বিহু খোৱা,তাঁতৰ বিহুৰ দিনাখন তাঁতৰ শালখন ধুই পখালি দি চাফা কৰি চাকি এগছি দি সেৱা জনোৱা নাঙল বিহুৰ দিনাখন নাঙল,যুঁৱলি,মৈ ,কোৰ আদিকে কৰি খেতি কৰা সজুঁলি চাফ-চিকুণ কৰি তেল -টেঙা ঘহাঁটো নিয়ম।
চেৰা বিহুৰ তাৎপৰ্য হ'ল এয়ে যে বিহুৰ ৰং -ৰহইচৰ
সামৰণি মাৰিব লাগে অথবা মাৰিবলৈ মন বন্ধা ।
ব'হাগৰ বিহুত ঔষধি শাক খোৱাৰ পৰম্পৰা অসমৰ প্ৰায় সকলো অঞ্চলত আছে। এই লোকাচাৰ ৰোগ -ব্যাধি প্ৰতিষেধক আৰু বছৰটোলৈ শৰীৰত শক্তি বৃদ্ধি বা অটুট থাকে।
লাই, চীনা লাই,লফা,পালেং,চুকা,ধনিয়া,পদিনা, বনজালুক, বনতুলসী,বনখুতৰা,ভাত কেৰেলা, তিতা কেৰেলা, নৰসিংহ, ব্ৰাহ্মী,সৰু পুৰৈ আদিকে কৰি এশ বিধ শাক -পাচলি খোৱা নিয়ম। সেয়েহে
বিহু অসমীয়াৰ জাতীয় উৎসৱ, অসমীয়াৰ বাপতি সাহোন "ব'হাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ।"বুলি বিহুগীতটি যে বিহু অসমীয়াৰ অভেদ আত্মা -স্বৰূপ, তাকে প্ৰমাণ কৰিছে। বিহু মূলতঃ কৃষিজীৱি ৰাইজৰ প্ৰধান উৎসৱ।

ইয়াৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰিলেও আমি এই কথাৰ প্ৰমাণ পাওঁ।

ডঃ প্ৰফুল্ল দত্ত গোস্বামীৰ মতে,বিহু শব্দৰ উদ্ভৱ সংস্কৃত ' বিষুৱণ' শব্দৰ পৰা। অৰ্থব্ব বেদ আৰু ঐতৰেয় ব্ৰাহ্মণ আদি শাস্ত্ৰত পোৱা যায় যে,বিষুৱণ যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে অৰ্থাৎ খেতি -বাতিৰ সু-ব্যৱস্থাৰ হেতুকে এই বিষুৱ দিনৰ যজ্ঞৰ আয়োজন। বিষ্ণু পুৰাণত আছে,শৰৎ আৰু বসন্ত ঋতুৰ মধ্যত সূৰ্য তুলা আৰু মেষ ৰাশিলৈ গ'লে বিষুৱ হয় । এই সময়ত দিন ৰাতি সমান হয়। এই বিষুৱ সংক্ৰান্তিৰ দিনা খেতি -বাতিৰ সু-ব্যৱস্থাৰ বাবে এনে ধৰণৰ মঙ্গলদায়ক অনুষ্ঠান ভাৰতৰ প্ৰায় সকলো অঞ্চলতে উদ্ যাপন কৰিছিল।
দক্ষিণ ভাৰতৰ নায়াৰ সকলে নৱ-বৰ্ষৰ উৎসৱক "বিষ্ণৱ" , হিমালয়ৰ নামনি অঞ্চলৰ খচ সকলৰ " বিষ্ণু" উৎসৱ মেলা, মধ্য প্ৰদেশৰ ওৰাওঁ সকলে বিষু চিকাৰৰ ব্যৱস্থা কৰে। পশ্চিম বংগত "বৈশাখী", অসমৰ বড়ো জনগোষ্ঠীয়ে " বাইখো" আৰু গোৱালপাৰা জিলাত গোৱালপৰীয়া দেশী জনগোষ্ঠীয়ে বিষুৱা বা বিষমা উদ্ যাপন কৰে।

বিহু উৎসৱত অৱশ্যে কেইবাটাও উপাদান লগ লাগিছে। ইয়াত এফালে আৰ্য সংস্কৃতিৰ এটি সুঁতি জাহ গৈছে, আনহাতে অনাৰ্য অথবা প্ৰাক-আৰ্যৰ প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ সুঁতিও লগ লাগিছে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)