দু:সময়-ধনমণি কোঁৱৰ

0
দু:সময় আহি ভৰি আছে এই দুদিনীয়া জীৱন টোত। 
কিন্তু,
কেতিয়া,কেনেকৈ আহিল গমেই নাপালো।
এতিয়া চোন বিশৃংখলতাই লগ নেৰা হৈছে।
কাঁইটীয়া বাটত খোজ দিবলৈও ভয় লাগিছে।
ধৈৰ্য্য হেৰাই গৈছে
সাহস কমি আহিছে ,
এতিয়া চোন চকুলোৱে সংগী হৈ পৰিছে।
দু:সময়ো বাঢ়ি আহিছে।
ভাগৰি পৰিছো,
ভাৱিব-বুজিব পৰা শক্তি কমি আহিছে। 
দু:সময়ে লগ নেৰাই হৈছে । 
হঠাৎ এনে লাগিছে অন্ধকাৰে বেৰি ধৰিছে ।
সপোন বোৰ যেন ভাবনাৰ সাগৰত 
ডুবি মৰিব ধৰিছে। 
লাহে লাহে বাঢ়িব ধৰিছে বেদনাৰ আলিংগন
বিষাদৰে ভৰিছে প্ৰতিটো ক্ষণ ।

                                    
              ✍️ ধনমণি কোঁৱৰ
               লখিমপুৰ(বগিনদী)
                দ্বাদশ শ্ৰেণী ছাত্ৰ
         যোগাযোগ: ৭০৮৬৮৮৪৮০১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)