বন্ধুত্ব-পিংকি শৰ্মা

©Admin
0
বন্ধুত্ব এক জীৱনৰ মিঠা অনুভৱ
য'ত বিভিন্ন ঠাই ছাত্ৰ ছাত্ৰী মিলি
পাতে বন্ধুত্বৰ এনাজৰী।
বন্ধুত্ব এক এৰাব নোৱাৰা বান্ধোন,
যত সুখ দুখ, হাঁহি ধেমালিৰে
বান্ধ খাই থাকে একতা এনাজৰী।
আমি এই একতা বান্ধোনে আগ বাহি যাম
আমাৰ এই জীৱন।
জীৱনত দুখ থাকেই আৰু ইয়াৰ
একমাত্ৰ বিনামূলীয়া ঔষধ হৈছে বন্ধু।
বন্ধুত্ব গঢ়ি উঠিবলৈ সময় লাগে
কিন্তু ভাগি যাবলৈ এখন্তেনকো নালাগে।
বন্ধুত্বৰ সম্পৰ্ক গ্লাচৰ দৰে ভাগি গলে যোৰা দিব পাৰি
কিন্তু ভাগি যোৱা চিন ৰৈ যায়।
বন্ধুত্ব...........
ই হৈছে এক দৃঢ় এনাজৰী।

✍️ পিংকি শৰ্মা
যোৰহাট, টিয়ক (বনাই)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)