কিন্ত্ত চাৰিওফালে চোন
হতাশা আৰু কান্দোনৰ ৰোল।
প্ৰকৃতিয়ে সেউজ আৱৰণ সলাইছে
সেন্দুৰীয়া হৈ মদাৰ জোপাও ফুলিছে।
বাৰীৰ কাষেদি আউলী বাউলী হৈ
বৰদৈচিলাজনী মাকৰ ঘৰলৈ যাব লৈছে,
গছৰ ডালত বহি কুলিটিয়ে গীত জুৰিছে।
কেতেকী জনীয়েও বিনাইছে,
তগৰ, কেতেকী ফুলৰ সুবাসে আইক
নতুনকৈ গাভৰু কৰিব খুজিছে।
কিন্ত্ত চাৰিওফালে দেখোন
শূণ্যতা মাথো শূণ্যতা।
বহাগ আহিছে কিন্ত্ত দেখা নাই,
দূৰৈত কুলিটিয়ে বিনাইছে
কিন্ত্ত বিৰহ নে মিলনৰ বুজা নাই।
আইৰ তাঁতশালত মাকুটোৰ,
শব্দচোন শুনা নাই।
কাৰণ
আজি আইৰ অসুখ,
তাতেই আক্ৰান্ত হৈ মৃত্যু ঘটা
সন্তানৰ মৃত্যুৰ খেল চাই
তেওঁ বৰকৈ কক-বকাইচে,
কোনো দিন নোহোৱা নুপুজা
ঘটনা হ'ব ধৰিছে।
উসহহহহ
উপায়হীন হৈ পৰিছে তেওঁ,
ভৱিষ্যত যে অন্ধকাৰ হ'ব গৈছে।
হেঁপাহৰ বহাগী জনীৰহে এইবাৰ
বৰকৈ এলাগী হ'ব,
ঢোল-পেঁপাৰ ৰগৰত নচা,
আইজনী যে দুৰ্বল হৈ পৰিছে।
বহাগ অভিমানী নহবি।
তইতো সকলো বুজি উঠিছ।
আইৰ ভগ্ন হৃদয়ত পাৰ যদি
একাজলি সাহস দি,
গুচি যাবি গৈ এইবাৰ সময়ৰ সোঁতত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ