বিবাহ-ৰিম্পী বড়া চৰাইদেউ

©Admin
0
"হেল্ল ৰূপম , মাজনীয়ে ফোনটো ৰিচিভ কৰা নাই যে কিবা কৰি আছে চাগৈ ! বেয়া নোপোৱা যদি তুমি মাতি দিব পাৰিবা নেকি ?"
    মাজনী বিয়া হৈ যোৱা এসপ্তাহ হৈছে । প্ৰত্যেক দিনাই পুৱাই মাকলৈ এবাৰ ফোন কৰিবলৈ এদিনো পাহৰা নাই, কিন্তু আজি ! আজি আকৌ কি হ'ল তাইৰ ! ৰাতিপুৱাও ফোন এটাও কৰা নাই এতিয়া সন্ধিয়াই হ'লহি দেখোন । ম‌ইও কেইবাবাৰো কৰিছোঁ । কিন্তু একো উত্তৰ দিয়া নাই।
      চিন্তাটো লাগিবই । নতুন মানুহ ,নতুন পৰিবেশ । কি বা কৰিছে তাই ! কেনেকৈ বা আছে তাই ! ঘৰত সকলো সময়তে মা আমুকটো মা তামুকটো,ম‌ই নহ'লে একোকে কৰিব নোৱাৰে । এনেধৰণৰ নানা চিন্তা মনলৈ অহাত বিবুধিত পৰি আকৌ এবাৰ মাজনীলৈ ফোন লগালে।নাই এইবাৰো একো উত্তৰ নাই । ফোনটো বাজি বাজি কাট খাই গৈছে ।
 মাজনীৰ বিয়া ঠিক হোৱাৰ দিনাই হ'বলগীয়া জোঁৱায়েকৰ নাম্বাৰটো মʼবাইলত ছেভ কৰা আছিল অৱশেষত সেই নাম্বাৰটোতে ফোন লগালে।প্ৰথম বাৰত ৰিচিভ নকৰিলে যদিও দুবাৰত সিফালৰ পৰা হেল্ল' বুলি ৰূপমৰ মাত ভাহি আহিল যদিও ৰূপম এতিয়াও ঘৰৰ বাহিৰতে আছে,ঘৰলৈ গৈ ফোন কৰিম বুলি ফোনটো কাটি দিলে। 
   মা-দেউতাৰ সন্মান ৰাখিবলৈকে এই বিয়াত বহিব বুলি মাজনীয়ে স্বীকাৰ কৰিছিল যদিও তাইৰ এই বিয়াখনত মনৰ পৰা মত নাছিল।
 দুদিনৰ পাছত ৰূপমৰ মাক-দেউতাকো গাঁৱৰ ঘৰলৈ উভতি যোৱাত ৰূপমে মাজনীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিবলৈ ল'লে।
   পুৱাই পুলিচে আহি খবৰ দিলে যে যোৱানিশা মাজনীক তেওঁলোকৰ বেড ৰুমতে এখন কাগজৰ সৈতে তাইৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছে।
      
✍️ৰিম্পী বড়া ,চৰাইদেউ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)