আজলী নাচনী- ৰজনী কুমাৰ ডেকা

©Admin
0
আজলী মোৰ চেনেহী নাচনী
খোপাত কপৌ -- তগৰ গুজিলি ,
এই বেলিও অসমীৰ চোতালত নাচিবি ,
নাহাঁহা নামাতা কথাও নোকোৱা ,
জেতুকাৰে বোলোৱা ৰঙীন
দুহাতেৰে গামোচা বৈচা ৷
কল্পনাৰ সাগৰত ডুবি ,
গুটি ফুলৰ ফুল তুলি ,
প্ৰিয় জনক ওলগ জনাবি ৷
বিহুৰে বতৰত মুগা ,ৰিহা সাজত
খোপাত কপৌ , নাহৰ গুজি
আহঁতৰ তলত নাচিবি ৷
ঢোল--পেঁপা সাজু কৰি 
নদীৰ ঘাটত ৰৈ আছো তোলৈ বুলি
মুখত গুৱা , ক“পালত ৰঙা বেলি,
ওঁঠত ৰঙীন সানি ওলাই আহিবি ৷
বিহুৰ যে বতৰত আপোন পৰক লৈ 
নকৰিবি আমনি ৷
আহচোন আহ ঢোলৰ কাষলৈ আহ ,
বিহুৰ বতৰত সকলোৱে নাচো এপাক গৈ ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)