সপোন সৰোবৰ -মানস জান শইকীয়া

©Admin
0
জীৱন এটা পখিলাৰ দৰে
উৰি গুচি যায় কোনেও নজনাকে,
সপোন এপাহ ফুলৰ দৰে
মৰহি যায় ভাবি নোপোৱাকে।
মনৰ দুখ বেদনাবোৰো নাইকীয়া হয়
উৰি যায় সুদূৰ দিগন্তলৈ,
মন উত্ৰাৱল হয় আকৌ পুনৰ
নতুন জীৱন গঢ়িবলৈ।
সপোন জগতৰ এপাহি পদুম 
ফুলি উঠে জীৱন সৰোবৰত,
মনৰ মাজৰ দুখৰ প্ৰতিচ্ছবিবোৰো
নাইকীয়া হয় হৃদয়ৰ মাজত।
মনৰ বাগিচাত ফুলি উঠে এপাহি সুগন্ধি গোলাপ
ভৰি পৰে ৰঙীণ পখিলাই,
চকুৰ পলকতে মৌ-মাখিবোৰে
ফুলৰ সুবাস লৈ গুচি যায়।
সপোনৰ পখিলাটি আকৌ হেৰায়
বাগিচাও নাইকীয়া হয়,
দিঠকত কিয় বাৰু সেই পখিলা বিচাৰি
অন্তৰ ব্যাকুল হয়।
                            
✍️মানস জান শইকীয়া
      ৰঙামাটি চেউনী    
  বাদুলিপাৰ ,গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)