আকুলতাৰে জুমি চাইছো
হৃদয়ৰ ভাষাবোৰ লিখিবলৈ
হাতত ডায়েৰি আৰু কলম
তুলি লৈছোঁ কণমানি হাতেৰে।
কেতিয়াবা ভাবোঁ সকলো কথাই
লিখি যাম কাহিনী সজাই
কিন্তু থমকি ৰৈ যাওঁ হঠাতে
লিখিব খোজা কথাবোৰ
তেনেকৈ লিখিব নোৱাৰোঁ চোন।
কোনোবাই জানো বুজিব
অনুভৱ সজোৱা মোৰ
সঁচা জীয়া কাহিনীবোৰ
সেয়ে মনৰ কথাবোৰ মনতেই
সদায় কঢ়িয়াই লৈ ফুৰো
মৰহা গোলাপ ফুলৰ দৰে ।
◾দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ