মা তুমি-শিল্পী দাস

Rinku Rajowar
0
মা তুমি ক'ত আজি
আছা নে ভাল তুমি?
হৃদয়ত তোমাৰ শূণ্যতা লৈ
সুখে -দুখে আছোঁ আমি।
সকলোতে ভৰপূৰ আছিল
সেই অতীতৰ দিনবোৰত,
তোমাৰ দৰে সঁচাই মা
কোনো নহয় আপোন জীৱনত।
তোমাৰ অবৰ্তমানে প্ৰতিপল
হৃদয়ে তোমাকেই ফূৰি খুঁজে,
স্বাৰ্থপৰেৰে পৃথিৱীখনত তোমাৰ দৰে
মনৰ কথা কোনেনো বুজে।
বিষাদেৰে তিক্ত হৃদয়
চকুৰ পানীৰে তিতিছে,
সকলোৱে বেয়া ব্যৱহাৰত মোক
প্ৰতিমূহুৰ্তত আঘাত কৰিছে।
তোমাৰ কাষত আছিলোঁ
প্ৰতিপলৰ সৰু অবুজ ছোৱালী,
ভুল কৰিলেও আকোঁৱালি লৈছিলা
মোক স্বযতনে মৰম কৰি।
আজি যাযাবৰ মোৰ হৃদয়
নাই কোনো ঠিকনা,
পাগলৰ দৰে জীয়াই আছোঁ
আঘাতপ্ৰাপ্ত হৃদয় নাই তাৰ কল্পনা।
ভালে থাকা মা
যতেই থাকা তুমি আজি,
তুমি মোৰ প্ৰতিপলৰ লগৰী
আছিলা,আছা,থাকিবা।

    ✍️ শিল্পী দাস
    ভালুকমাৰী ৰাণীপুখুৰী, নগাঁও
   বাণিজ্য শাখাৰ চতুৰ্থ ষান্মাসিক
                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)