ধল-ফাট-নগেন শৰ্মা

Rinku Rajowar
0
আকাশত দিলে ধল-ফাট
তৰাই ললে বিদায়,
ওলাব প্ৰাণময় দিন-মণি 
ধৰাত দিবলৈ
ৰৌদ্ৰোজ্জ্বল ছটিয়াই।

লাহে লাহে এটি নিশাই 
মেলানি মাগিলে
আন্ধাৰবোৰ আতৰি পোহৰে 
ভূমুকি মাৰিলে।

পখীয়ে জুৰিলে মধুৰ গান
শীতল ৰাগীৰ ক্ষণ।
বিৰিখৰ পাতবোৰে হালিজালি 
দিনটোক আদৰিলে।
ফুলনিৰ ফুলবোৰে পাহি মেলি 
সুবাস বিয়পাই দিলে।
সেই সুবাসত আহিব ভোমোৰা
কৰিব আলিংগন।
পালন কৰিব সৃষ্টিৰ নিয়ম।

গোহালিত
গুৰুৱে হেম্বেলিয়াই,
বাহত কুকুৰাই দিলেই ডাক 
নীদ্ৰাত থকা জনক জগাই,
দিনটোৰ কামবোৰ কৰিবৰ 
হ'ল।

◾নগেন শৰ্মা
বীৰকুছি, গুৱাহাটী-২৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)