ক্ষয়প্ৰাপ্ত-গায়ত্ৰী কোঁৱৰ

©Admin
0
কেতিয়াবা আন্ধাৰবোৰ ভাল লাগে 
হেৰাই যাবৰ মন যায় ,
এই আন্ধাৰৰ মাজত 
এই নিৰ্জন প্ৰহৰৰ আঁৰত ।
ক্ৰমান্বয়ে গলি অহা প্ৰাণৰ এচোৱা 
সাৱটি লৈ সুধিবৰ মন যায় !
শান্তিৰ নে এই বন্ধ কোঠা ?
কিমান যে বিৰক্তিকৰ ,
কিমান যে কোলাহল ,
অথচ নতুন ৰূপত অভ্যস্ত সকলো ।
সকলো ... !
এটি মাথো উশাহ চিৎকাৰ কৰি উঠা
স্পন্দন 'মই জীৱিত' সংজ্ঞাৰ ,
জীৱিত ক্ষয় হ'ব খোজা 
প্ৰাণ নিশাহৰ কবিতা ।

✍️গায়ত্ৰী কোঁৱৰ
জিলা : ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)