নিষিদ্ধ নাটক মঞ্চস্থ-অনন্ত কুমাৰ ভূঞা

©Admin
0
চিত্ৰনলাৰ সুগন্ধি পৰশ হেৰুৱাই 
ৰজনীগন্ধাৰ সুৱাস বিচাৰি পোৱা নাই 
ধুমুহা গতিত বলিছে বিধ্বংসী আক্ৰোশ
প্ৰাৰ্থনাৰ গৃহ খহি পৰিছে
দুৰ্যোগৰ সময়ত দেৱদূত নামি অহা নাই
উদ্গীৰণ পৰিস্থিতি কিদৰে শাম কটাম  
গলিত মৃতদেহৰ গোন্ধ বিয়পিছে
দুৰ্গন্ধ লাগিছে নাকত
ভেণা মাখি ঘূৰিছে কাষত
কলিজাৰ কেঁ‌চা ধোঁ‌ৱা ক'ত লুকুৱাম  
অপবাদে বখলিয়াইছে বুকুৰ কামিহাড় ।
নিষিদ্ধ প্ৰেমৰ গলিত পৰি আছে
নাৰীৰ উলংগ মৃতদেহ
এইয়া হ'ব পাৰে
জৈৱিক অপবাদ বিষাক্ত অপৰাধ 
সস্তীয়া প্ৰেমৰ অভিসাৰৰ শেষ উপহাৰ 
যাত্ৰীবাহী গাড়ীৰ ভিতৰত 
বস্ত্ৰহীনা নাৰীৰ অৱশ কণ্ঠ 
নঙঠা শৰীৰ এফালে দৃষ্টিকটু
টেলিভিচনৰ পৰ্দাত ভাহিছে খবৰ
প্ৰাতঃভ্ৰমণত দৃশ্য উপভোগ কৰিছোঁ 
পথৰ দাঁ‌তিত পৰি থকা নাৰীৰ মৃতদেহ
অন্ধকাৰ জগতৰ জঘন্য অপৰাধীয়ে
হেলাৰঙে ধৰ্ষণ কৰিছে
পৈশাচিক বেপাৰ চলাইছে মুক্ত কামনাৰ 
নিৰ্মম সময়ৰ উপায়হীন ক্ষণত 
ৰ'দেৰে মাৰিছে দাৰে ঘপিয়াইছে
সোপা দিছে মুখত
প্লাষ্টিকেৰে মেৰিয়াইছে
বস্তাত বান্ধিছে ফ্ৰীজত ৰাখিছে
তেজ চিটিকি পৰিছে বেৰত 
তেজৰ চেকুৰা মজিয়াত গোট মাৰিছে 
খণ্ড বিখণ্ড মৃত শৰীৰৰ টুকুৰা 
দলিয়াইছে গভীৰ নিশা 
অনামি বেনামি ছদ্মবেশী দস্যুৱে
বিক্ৰী কৰে অৱলা নাৰী 
ভোগৰ পিঞ্জৰাত যৌৱনতাৰ কচৰৎ চলায়
জীৱন যন্ত্ৰণাৰ বাসিন্দা হৈ পৰে 
লাইচেন্স বিহীন পতিতালয়ৰ  
মুনাফা লুটিছে
বজ্ৰকণ্ঠেৰে দাসত্ব পুহিছে 
নাৰী বিক্ৰী কৰিছে উপভোগৰ বাবে
আমনিদায়ক অজুহাতত
দলিয়াই এৰি থৈ গৈছে ৰেল ষ্টেচনত
বিবাহিত নাৰী প্ৰহৃত হৈছে 
নিগৃহীত হৈছে অসংখ্য শিশু
অপৰাধৰ পৰিসীমা নাই 
প্ৰলোভন প্ৰতাৰণাত দগ্ধ মন
বিষাদৰ চকুপানী টোকে
ভীষণ দুখৰ বেদনা সামৰি 
লালসাত পমিছে অশ্লীল বেপাৰত নামিছে
দোধোৰ-মোধোৰ কৈ ভাগ্যক ধিয়াইছে
অকালতে মৃত্যুক সাৱতি লৈছে
কষ্টৰ গৰাহত পৰি 
বিতৃষ্ণাৰ মজিয়াত লেবেজান
আদৰণিৰ প্ৰবেশ পত্ৰৰ হিচাব নাই
আঁ‌কোৰগোঁ‌জ মন লৈ
বিপৰ্যয়ৰ দিশেৰে গৈছে আগুৱাই  
অপমানত হেৰুৱাই মানসিক স্থিতি
নিষিদ্ধ গলিত কটাইছে যাযাবৰী জীৱন  
ফেশ্যন সৰ্বস্ব আকাংক্ষাই অধঃপতন মাতিছে
চৌখিন আভিজাত্যৰ গোলামীত
আত্মঘাটি পত্ৰ লিখি চিৰ বিদায় মাগিছে
স্বপ্ন বিলাসিতা ভাৱৰ অশ্লীল ছবি
ধন লাভৰ সস্তীয়া ছবি
এনেভাৱে ভৰি থৈছে এখন লেতেৰা জগতত 
শিক্ষাই মান ৰাখিব পৰা নাই
সমাজ ব্যৱস্থাই সুৰক্ষা দিব পৰা নাই
ব্যৱহাৰিক জ্ঞানে ৰক্ষা কৰা নাই
সময় উকলি গৈছে
মাতৃয়ে হুৰাওৰাৱে কান্দিছে
পিতৃয়ে ন্যায় বিচাৰি আবেদন কৰিছে
সচেতন সকল দাবীদাৰ হৈছে
গেঠলা মৰা তদন্ত আশাহীন জলন্ত সময়
সৃজনীশীল সজাগতা অস্থিৰ 
কোন পথে যাম
সৎ নে বিপৰ্যয়ৰ বিপথে গৈ জপিয়াম
উদাৰতাৰ শেষ ভৰষা দেশৰ ন্যায়পালিকা ।

             ✍️অনন্ত কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)